বৰপেটা, ৭ জুলাই : গুৱাহাটী মহানগৰীৰ হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিয়াৰ নামত যুৱতীক প্ৰৱঞ্চনা কৰা এজন যুৱকক ৷ যুৱকজনৰ নাম ইছমাইল হুছেইন, ঘৰ অভয়াপুৰীত ৷ বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদতে থকা এমট্ৰ'নৰ ই-ডিষ্টিক্ট মেনেজাৰ হিচাপে কৰ্মৰত যুৱজন ৷ পিচে বিবাহৰ দিনটোতে ইছমাইলৰ মুখৰ পৰা স্মাইল নোহোৱা কৰিলে হ'ব লগীয়া পত্নীয়ে ৷
ঘটনাটো এনেধৰণৰ, অভয়াপুৰীৰ ইছমাইল হুছেইনৰ বিয়া ঠিক হৈছিল গুৱাহাটীৰ হাতীগাঁও থানাৰ অন্তৰ্গত সুন্দৰবন নগৰৰ আলতাফ হুছেইনৰ কন্যাৰ সৈতে ৷ 7 জুলাইত ধাৰ্য কৰা হৈছিল বিবাহৰ দিন ৷ কইনা ঘৰত যা-যোগাৰ চলিল, সকলো সাজু দৰা আদৰিবলৈ ৷ কিন্তু হঠাৎ ঘটিল অথন্তৰ ৷ বিয়াৰ আগদিনা দুৰ্ঘটনা হোৱা বুলি বিবাহস্থলীত উপস্থিত নহ'ল ইছমাইল ৷ যাৰ ফলত হুৱাদুৱা লাগে আলতাফ হুছেইনৰ ঘৰত ৷
এই ঘটনাই স্বাভাৱিকতে অস্থিৰ কৰি তোলে পৰিয়ালটোক ৷ দিক বিদিক হেৰুৱাই হাতীগাঁও আৰক্ষীৰ কাষ চাপিল আলতাফ হুছেইনৰ পৰিয়াল ৷ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে বৰপেটা আৰক্ষীৰ সহযোগত বৰপেটা চহৰৰ পুৰণি বাছ আস্থানৰ সমীপৰ ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ইছমাইল হুছেইনক ৷
বিবাহৰ দিনা প্ৰৱঞ্চনাৰ বলি হোৱা যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি পাঁচবাৰকৈ এনেদৰে পাঁচগৰাকী যুৱতীৰ সপোন ভাঙিছে প্ৰৱঞ্চক ইছমাইলে ৷ বৰ্তমান ইছমাইল ৰঙাঘৰৰ আলহী ৷ বিয়াৰ দিনা যুৱতীক প্ৰৱঞ্চনা কৰি আৰক্ষীৰ জেৰা কবুল কৰিব লগীয়া হ'ল প্ৰৱঞ্চক ইছমাইলে ৷
লগতে পঢ়ক : দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ