ETV Bharat / state

বজালীত কৰ’ণাত আক্ৰান্ত হৈ বিজেপি কৰ্মীৰ মৃত্যু

author img

By

Published : May 17, 2021, 9:48 PM IST

সোমবাৰে বজালী জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা কমলেশ্বৰ মেধীৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৷ বজালীত শোকৰ ছাঁ ৷

বজালীত কৰ’ণাত আক্ৰান্ত হৈ বিজেপি কৰ্মীৰ মৃত্যু
বজালীত কৰ’ণাত আক্ৰান্ত হৈ বিজেপি কৰ্মীৰ মৃত্যু

বজালী, 17 মে': ৰাজ্যৰ কৰ’ণাৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা কমা পৰিলক্ষিত হোৱা নাই ৷ সোমবাৰে বজালী জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা কমলেশ্বৰ মেধীৰ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটে ৷ দিছপুৰ পলিক্লিনিক হাস্পতালত মৃত্যু হয় বিশিষ্ট সমাজকৰ্মীগৰাকীৰ ৷

দীৰ্ঘদিন ধৰি কৰ’ণাৰ সৈতে যুঁজ দিয়া কমলেশ্বৰ মেধীৰ মৃত্যুৰ সময়ত বয়স আছিল 63 ৷ মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী পুত্ৰ সন্তান আৰু এগৰাকী কন্যা সন্তানক এৰি থৈ যায় । বিশিষ্ট সমাজকৰ্মী তথা বিজেপি নেতা কমলেশ্বৰ মেধীৰ মৃত্যুত বজালীত শোকৰ ছাঁ পৰে ৷

লগতে পঢ়ক : প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.