বঙাইগাঁও, 16 জানুৱাৰী : সৰভোগ থানাৰ অন্তৰ্গত ভুলুকাডোবাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Road accident at Barpeta) । অচিনাক্ত বাহনে দুই চাইকেল আৰোহীক তীব্ৰবেগেৰে খুন্দিওৱাৰ ফলত ঘটনাস্থলীতে ব্যক্তি দুজনৰ মৃত্যু হয় ।
দুৰ্ঘটনাটো সংঘটিত কৰিয়ে বাহনখনে পলায়ন কৰে । মৃত ব্যক্তি দুগৰাকী ক্ৰমে সৰভোগৰ মেদা গাঁৱৰ বানেশ্বৰ দাস (৪৯) আৰু ভুলুকাডোবা গাঁৱৰ অভিনাশ দাস (১৬) বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁটৰ সৃষ্টি হয় ।
দুৰ্ঘটনাস্থলীত সৰভোগ আৰক্ষী কিছু পলমকৈ উপস্থিত হোৱাত স্থানীয় ৰাইজ উত্তেজিত হৈ আৰক্ষীক জবাবদিহি কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে । এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে অঞ্চলজুৰি এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয় ।
লগতে পঢ়ক: শিৱসাগৰত পথ দুৰ্ঘটনাত মৃত্যু সেনা জোৱানৰ