জনীয়া,5 জুন: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুণীয়ালগুৰি গাঁৱত শুকুৰবাৰে দুপৰীয়া দ খাৱৈত পৰি এটা শিশুৰ মৃত্যু হয় । মৃত শিশুটো গুণীয়ালগুৰি গাঁৱৰ বৰকত আলীৰ তিনি বছৰীয়া পুত্ৰ জোনাইদ হাছান বুলি জানিব পৰা হৈছে ৷
শুকুৰবাৰে পুৱা শিশুটো বহু সময় ধৰি নিৰুদ্দেশ হৈ আছিল । পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ-খোচাৰ কৰিও শিশুটোৰ কোনো সন্ধান পোৱা নাছিল । অৱশেষত ঘৰৰ ওচৰত থকা দ' খাৱৈত মাছ মাৰিবলৈ যোৱা এজন ব্যক্তিৰ ভৰিত স্পৰ্শ হয় শিশুটিৰ মৃতদেহ । এই খবৰ লাভ কৰাৰ পাছতে শিশুটোৰ আত্মীয়ই জাল মাৰি প্ৰায় দুঘণ্টা পাছত শিশুটিৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰে ।
লগতে পঢ়ক : বিশ্ব পৰিৱেশ দিৱস উপলক্ষে "দৌৰ"ৰ ব্যতিক্ৰমী প্ৰয়াস