বৰপেটা,১৬ ফেব্ৰুৱাৰী : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । ইয়াৰ মাজতে বৰপেটা জিলাত আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান । মঙলবাৰে সন্ধিয়া বৰপেটা সদৰ উপ-আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত সৰ্থেবাৰী থানা তথা মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত গৰেমাৰীত চলিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান । গোপন খবৰৰ ভিত্তিত বৰপেটা, সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যৌথ অভিযানত গৰেমাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী (One arrested with drugs in Sarthebari)।

ধৃত যুৱকজন সৰ্থেবাৰী থানাৰ অন্তৰ্গত গৰেমাৰীৰ ২৬ বছৰীয়া চফিকুল হক বুলি জানিব পৰা গৈছে । যুৱকজনৰ পৰা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিকৰ ২৮ টা কণ্টেইনাৰ আৰু দুটা খালি প্লাষ্টিকৰ কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে চফিকুল হকক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

ইয়াৰ পাছতে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে সদৰ উপ-আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ ড্ৰাগছ বিৰোধী অভিযানৰ শলাগ লৈছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক :আনন্দ মিশ্রৰ বদলিৰ পিছতো স্তব্ধ হোৱা নাই নগাঁও আৰক্ষীৰ বন্দুকৰ গুলী