ETV Bharat / state

জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা ঘটনাত জড়িত এজনক আটক

আৰক্ষীয়ে অভিযান চলাই আৰক্ষীয়ে আটক কৰে ডিম্পল মেধি নামৰ যুৱক এজনক ৷ জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা ঘটনাত জড়িত আছিল যুৱকজন ৷ ঘটনাত জড়িত ৰাম সেনাৰ প্ৰতিষ্ঠাপক যোগী দেৱজিৎ ডেকাক ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ ৷

জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা ঘটনাত জড়িত এজনক আটক
author img

By

Published : Jun 24, 2019, 7:00 PM IST

বৰপেটা, ২৪ জুনঃ ৰাম সেনাৰ নামত মুছলমান যুৱকক আতিশয্য চলোৱা ঘটনাৰ সৈতে জড়িত আন এটা অপৰাধী জালত পৰিল আৰক্ষীৰ ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কুমাৰ কাকতিৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলায় আটক কৰে ডিম্পল মেধি নামৰ যুৱকজনক ৷ বৰপেটা চহৰত অলপতে ৰাম সেনাৰ নামত কেইজনমান মুছলমান যুৱকক আতিশয্য চলোৱাৰ লগতে বলপূৰ্বকভাৱে জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা হৈছিল ৷ এই ঘটনাকলৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে এনে ঘটনাৰ সৈতে জড়িত অপৰাধীসকলক আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছিল আছু, আমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, মুছলিম ছাত্ৰ সন্থাকে ধৰি একাংশ সংগঠনে ৷ সত্ৰনগৰী বৰপেটাৰ ঐতিহ্যত কালিমা সনা এনে ধৰনৰ কাৰ্যৰ সৈতে জড়িত ৰাম সেনাৰ প্ৰতিষ্ঠাপক যোগী দেৱজিৎ ডেকাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পাচত দেওবাৰে নিশা আৰক্ষীয়ে আটক কৰে ডিম্পল মেধি নামৰ অপৰাধীটোক ৷ দেওবাৰে নিশা বৰপেটা চহৰৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে অপৰাধীটোক ৷

Slug:     as_bar_24june_ram_sena_worker_arrested_vis+bite+photo_7203841                    

 বৰপেটাত মুছলমান যুৱকক আতিশয্য চলাই জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱা ঘটনাৰ সৈতে জৰিত আন এটা অপৰাধীক আটক ৷

বৰপেটা, ২৪ জুনঃ ৰাম সেনাৰ নামত মুছলমান যুৱকক আতিশয্য চলোৱা ঘটনাৰ সৈতে জৰিত আন এটা অপৰাধী জালত পৰিল আৰক্ষীৰ ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কুমাৰ কাকতিৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই আৰক্ষীয়ে আটক কৰে ডিম্পল মেধি নামৰ যুৱকজনক ৷ বৰপেটা চহৰত অলপতে ৰাম সেনাৰ নামত কেইজনমান মুছলমান যুৱকক আতিশয্য চলোৱাৰ লগতে বলপূৰ্বক জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰিছিল ৷ এই ঘটনাকলৈ সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হোৱাৰ লগতে এনে জঘন্য ঘটনাৰ সৈতে জৰিত অপৰাধীসকলক আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছিল আছু, আমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, মুছলিম ছাত্ৰ সন্থাকে ধৰি একাংশ সংগঠনে ৷ সত্ৰ নগৰী বৰপেটাৰ ঐতিহ্যত কালিমা সনা এনে ধৰনৰ কাৰ্যৰ সৈতে জৰিত ৰাম সেনাৰ প্ৰতিষ্ঠাপক যোগী দেৱজিৎ ডেকাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰন কৰাৰ পিচত দেওবাৰে নিশা আৰক্ষীয়ে আটক কৰে ডিম্পল মেধী নামৰ অপৰাধীটোক ৷ দেওবাৰে নিশা বৰপেটা চহৰৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে অপৰাধীটোক ৷ বৰপেটাত ঘটা ঘটনাটোৰ বিৰুদ্ধে বৰপেটাৰ প্ৰায় সকলো দল সংগঠনে প্ৰতিবাদ জনাইছিল ৷ আনকি ঘটনাটোৰ প্ৰতিবাদত দেওবাৰে বৰপেটাত এক নাগৰিক সভাও অনুষ্ঠিত হৈ যায় ৷ ইপিনে ধৰ্মীয় সাম্প্ৰদায়িকতাৰ  সমাজত অশান্তি বিয়পাব বিচৰা এনে ধৰনৰ ঘটনাৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হবলৈও দাবী জনায় কৃষক নেতা আশ্ৰাফুল ইছলামে ৷

বাইটঃ কৃষক মুক্তিৰ নেতা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.