ETV Bharat / state

আছুৰ নতুন ৰাজনৈতিক দলৰ সৈতে আগবাঢ়িব সংগ্ৰামী মঞ্চ: অদীপ কুমাৰ ফুকন

author img

By

Published : Jul 30, 2020, 6:37 PM IST

আগন্তুক ৫০ বছৰৰ লক্ষ্য সন্মুখত ৰাখি অদীপ কুমাৰ ফুকনৰ নেতৃত্বত গঠন হোৱা অসম সংগ্ৰামী মঞ্চই গ্ৰহণ কৰিছে নিজৰ কৰ্মসূচী ৷ বৃহস্পতিবাৰে বৰপেটাত দলটোৰ জিলা সমিতিৰ কাৰ্যালয় মুকলি কৰি এই কথা প্ৰকাশ কৰে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি তথা বুদ্ধিজীৱী অদীপ কুমাৰ ফুকনে ৷

Office opening of asom sangrami mancha barpeta assam etv bharat news
অসম সংগ্ৰামী মঞ্চৰ কাৰ্যালয় মুকলি

বৰপেটা,৩০ জুলাই: ৰাজ্যৰ বিভিন্ন জাতীয় সমস্যা সমাধানৰ লগতে অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ বাবে কৰ্মসূচী গ্ৰহণ কৰিছে অসম সংগ্ৰামী মঞ্চই ৷ তাৰোপৰি কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থত পৰিচালিত বিজেপি চৰকাৰে ৰাজ্যৰ জৈৱ বৈচিত্ৰ আৰু প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ লগতে ৰাজহুৱা খণ্ড ধ্বংস কৰিবলৈ শেহতীয়াভাৱে প্ৰযোজ্য় কৰিবলগীয়া EIA 2020 আইনৰ জাননী জাৰি আদি কাৰ্যত বাধা দিয়াৰ বাবে ৰাজ্যত শক্তিশালী আঞ্চলিক শক্তিৰ প্ৰয়োজন ৷ বৃহস্পতিবাৰে বৰপেটাত অসম সংগ্ৰামী মঞ্চৰ জিলা সমিতিৰ কাৰ্যালয় মুকলি কৰি এই কথা প্ৰকাশ কৰে দলটোৰ সভাপতি অদীপ কুমাৰ ফুকনে ৷

অসম সংগ্ৰামী মঞ্চৰ কাৰ্যালয় মুকলি

কট্টৰ জাতীয়তাবাদী আদৰ্শৰ আধাৰত আঞ্চলিকতাবাদী চিন্তাৰে অসম সংগ্ৰামী মঞ্চ আগবাঢ়িব বুলি প্ৰকাশ কৰে ফুকনে ৷ অসমৰ অৰ্থনীতি যাতে অসমীয়া মানুহৰ হাতত থকাৰ লগতে স্বাভিমান অটুট থাকে তাৰ বাবে সুকীয়া কৰ্মসূচী প্ৰস্তুত কৰিছে দলটোৱে ৷ বৰাক উপত্যকাৰ ৰাইজেও সম্প্ৰতি আঞ্চলিকতাবাদ বিচৰা বুলি উল্লেখ কৰে দলটোৰ সভাপতিগৰাকীয়ে ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগত এয়া কোনোপধ্যে মানি নোলোবাৰ কথা স্বীকাৰ কৰি বিদেশীক স্বদেশী সজাব বিচৰা আইন বাতিল কৰিবলৈ ৰাজপথৰ সংগ্ৰামক দিছপুৰলৈ নিয়াৰ কথা উল্লেখ কৰে অদীপ কুমাৰ ফুকনে ৷

আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলৰ সৈতে ঐক্যবদ্ধভাৱে অসম সংগ্ৰামী মঞ্চই আগবঢ়াৰ কথা ঘোষণা কৰে ফুকনে ৷ অদীপ কুমাৰ ফুকনৰ নেতৃত্বত গঠন হোৱা অসম সংগ্ৰামী মঞ্চৰ বৰপেটা জিলা সমিতিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত বৃহস্পতিবাৰে উপস্থিত থাকে দলটোৰ নেতা বিমল প্ৰসাদ চৌধুৰী,সমৰজ্যোতি বেজবৰুৱা,লুচী নেওগৰ লগতে আন কেইবাগৰাকীও ৷

লগতে চাওকঃ মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব, অসমৰ এগৰাকী ৰাইফলমেনসহ 3 শ্বহীদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.