ETV Bharat / state

কলগাছিয়াত চোৰাং কাঠ মাফিয়াৰ দপদপনি ! ছাত্ৰনেতাক ভাবুকি - আৰক্ষী বেষ্টনী

বুলবুল খানে চোৰাং কাঠৰ কুণ্ডাৰ ভিডিঅ' সহ ফেছবুকত পোষ্ট কৰিছিল ৷ যাৰ ফলত তেওঁক গুলবৰ, গীয়াছ উদ্দীন, আমিৰ হুছেইন, ৰমজান আলীৰ লগতে কেইবাজনো চোৰাং কাঠৰ ব্যৱসায়ীয়ে দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

কলগাছিয়াৰ জাউৰিমাৰী-চিকনীত চোৰাং কাঠ মাফিয়াৰ দপদপনি !
author img

By

Published : May 13, 2019, 10:14 AM IST

জনীয়া, 13 মে': বৰপেটা জিলাত চোৰাং কাঠৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰি চোৰাং কাঠ মাফিয়াৰ আক্ৰমণৰ বলি হ'ল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী কৰ্মী ৷ জিলাখনৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জাউৰিমাৰী-চিকনীত বিগত কেইবা বছৰ ধৰি বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চলি থকা চোৰাং কাঠৰ বেহাৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰিছিল বুলবুল খানে ৷

জাউৰিমাৰী-চিকনী গাঁৱত একাংশ দুখীয়া ছাত্ৰই পঢ়া-শুনা বাদ দি চোৰাং কাঠৰ কামত নিয়োজিত থকা বুলি বুলবুল খানে চোৰাং কাঠৰ কুণ্ডাৰ ভিডিঅ' সহ ফেছবুকত পোষ্ট কৰিছিল ৷ যাৰ ফলত তেওঁক গুলবৰ, গীয়াছ উদ্দীন, আমিৰ হুছেইন, ৰমজান আলীৰ লগতে কেইবাজনো চোৰাং কাঠৰ ব্যৱসায়ীয়ে দলবদ্ধভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

কলগাছিয়াত চোৰাং কাঠ মাফিয়াৰ দপদপনি

উল্লেখ্য যে বৰটাৰী, শোলমাৰী, চিকনী, জাউৰিমাৰী আৰু শাওৰাচৰাত বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চোৰাং কাঠ মাফিয়াই চোৰাং ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ ইপিনে বন বিভাগ আৰু আৰক্ষী বেষ্টনীৰ মাজেদি চোৰাং কাঠ সৰবৰাহ হয় বুলি অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুয়ে ৷ সেয়ে শীঘ্ৰে এই চোৰাং বেহা বন্ধ কৰি কাঠ মাফিয়াক গ্ৰেপ্তাৰ নকৰিলে সংগঠন দুটাই আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

Intro:slug: as_jania_13may_objurgation_of_wood_mafia_vis3+byt3+pho1_asc10058

জনীয়া, ১৩ মে: কলগাছিয়াৰ জাউৰিমাৰী-চিকনীত চোৰাং কাঠ মাফিয়াৰ দপদপনি। চোৰাং কাঠৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰাৰ বাবেই বুলবুল খান নামৰ এজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক আবদ্ধ কৰি মাৰপিট কৰিলে চোৰাং কাঠ মাফিয়াই।জাউৰিমাৰী-চিকনীত এতিয়াও ঠায়ে ঠায়ে পৰি আছে লাখ লাখ টকাৰ সহস্ৰাধিক বৃহৎ বৃহৎ কাঠৰ কুণ্ডা।Body:slug: as_jania_13may_objurgation_of_wood_mafia_vis3+byt3+pho1_asc10058

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত জাউৰিমাৰী-চিকনীত বিগত কেইবা বছৰ ধৰি বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত চলি থকা চোৰাং কাঠৰ বেহাৰ বিৰুদ্ধে ফেছবুকত পোষ্ট কৰাৰ বাবেই কাঠৰ মাফিয়াই যুৱকজনক আবদ্ধ কৰি মাৰপিট কৰা ঘটনাই তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জাউৰিমাৰী-চিকনী গাঁওত একাংশ দুখীয়া ছাত্ৰই লিখা-পঢ়া বাদ দি চোৰাং কাঠৰ কামত নিয়োজিত থকা বুলি বুলবুল খান নামৰ এজন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই চোৰাং কাঠৰ কুণ্ডাৰ ভিডিও সহ ফেছবুকত পোষ্ট কৰিছিল। যাৰ বাবে বুলবুল খান নামৰ যুৱকক গুলবৰ, গীয়াছ উদ্দীন, আমিৰ হুছেইন, ৰমজান আলীৰ লগতে কেবাজনো চোৰাং কাঠৰ মাফিয়াই দলবদ্ধ ভাৱে আক্ৰমণ চলাই। উল্লেখ্যে যে, বৰটাৰী, শোলমাৰী, চিকনী, জাউৰিমাৰী আৰু শাওৰাচৰা বন বিভাগ আৰু আৰক্ষীৰ সহযোগিতাত কেবা বছৰ ধৰি চলাই আছে চোৰাং কাঠৰ ব্যৱসায়। ঠায়ে ঠায়ে এতিয়াও পৰি আছে লাখ লাখ টকাৰ সহস্ৰাধিক বৃহৎ বৃহৎ কাঠৰ কুণ্ডা। বন বিভাগ আৰু আৰক্ষী বেষ্টনীৰ মাজেদি চোৰাং কাঠ সৰবৰাহ হয় বুলি অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু আমছুৰ। এই চোৰাং বেহা বন্ধ কৰি কাঠ মাফিয়াক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ দিয়ে সংগঠন দুটাই।Conclusion:slug: as_jania_13may_objurgation_of_wood_mafia_vis3+byt3+pho1_asc10058

বাইট: বুলবুল খান, ছাত্ৰ মুক্তি আৰু আমছু নেতাৰ মন্তব্য।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.