ETV Bharat / state

সাংসদ মাতৃৰ বিৰুদ্ধে এন আৰ চিৰ আপত্তি - সাংসদ মাতৃৰ বিৰুদ্ধে এন আৰ চিৰ আপত্তি

মাতৃক লগত লৈ এন আৰ চিৰ শুনানি কেন্দ্ৰত উপস্থিত হ'ল বৰপেটাৰ নৱ-নিৰ্বাচিত সাংসদ আব্দুল খালেক ৷ সাংসদগৰাকীৰ মাতৃৰ বিৰুদ্ধে দাখিল এন আৰ চিৰ আপত্তি ৷

সাংসদ মাতৃৰ বিৰুদ্ধে এন আৰ চিৰ আপত্তি
author img

By

Published : May 27, 2019, 6:27 PM IST

বৰপেটা, ২৭ মে': বৰপেটাৰ নৱ-নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ মাতৃৰ বিৰুদ্ধে দাখিল এন আৰ চিৰ আপত্তি ৷ জনীয়াৰ হৃদয়ৰঞ্জন নাথ নামৰ এগৰাকী লোকে কংগ্ৰেছী বিধায়ক তথা বৰপেটাৰ নৱ-নিৰ্বাচিত কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ মাতৃৰ বিৰুদ্ধে এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছে এই আপত্তি পত্ৰ ৷ এই অভিযোগৰ ভিত্তিতে সোমবাৰে বৰপেটাৰোডৰ ভগৱানী দেৱী প্ৰসূতি সদনৰ এন আৰ চিৰ শুনানি কেন্দ্ৰত উপস্থিত হৈ নিজৰ নাগৰিকত্বৰ তথ্য দাখিল কৰিলে সাংসদগৰাকীৰ বৃদ্ধ মাতৃয়ে ৷ ১৯৫১ চনৰ এন আৰ চিৰ লগতে ১৯৭০ চনৰ ভোটাৰ তালিকা নাম সন্নিৱিষ্ট থকা সাংসদগৰাকীৰ মাতৃৰ বিৰুদ্ধে এন আৰ চিৰ আপত্তি দাখিল হোৱাত আশ্চৰ্য প্ৰকাশ সাংসদগৰাকীৰ ৷

সাংসদ মাতৃৰ বিৰুদ্ধে এন আৰ চিৰ আপত্তি

এন আৰ চিৰ শুনানিত উপস্থিত হৈ বৰপেটাৰ ৰাজীৱ ভৱনত সংবাদমেল অনুষ্ঠিত কৰি সাংসদগৰাকীয়ে ক'লে, শুদ্ধ এন আৰ চি নিবিচৰা এচাম লোকে এনেদৰেই কৰি এন আৰ চি নামত হাৰাশাস্তি কৰি গৈছে ৷ ইপিনে বদৰুদ্দিন আজমলে দেওবাৰে সাংসদগৰাকীৰ সম্পৰ্কত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিমন্ত বিশ্বই বৰপেটাত প্ৰচাৰ চলালে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ ভোট ৫০ হাজাৰ বৃদ্ধি পালেহেতেন বুলি কয় নৱ-নিৰ্বাচিত সাংসদগৰাকীয়ে ৷

Slug:      as_bar_27may_abdul_khaleque_pressmeet_vis+speech+photo_7203841                        
আব্দুল খালেকৰ মাতৃৰ বিৰুদ্ধে আপত্তিঃ 
এনআৰচিৰ শুনানী কেন্দ্ৰত মাতৃক লৈ উপস্থিত হ'ল সাংসদ আব্দুল খালেক ৷৷ বৰপেটা ৰাজীৱ ভৱনত সংবাদ মেল ৷

বৰপেটা, ২৭ মে'ঃ ৰাজ্যৰ এটা চক্ৰই এনআৰচিৰ খচৰাত নাম অন্তৰ্ভূক্ত একাংশ লোকৰ বিৰুদ্ধে উত্থাপন কৰিছে ভূৱা অভিযোগ ৷ একাংশ ঠিকনাবিহীন ভূৱা লোকে ভূৱা আপত্তি দাখিলৰ জৰিয়তে এনআৰচি উন্নীতকৰন প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰিবলৈ বিচৰাৰ সময়তে আজি বৃদ্ধ মাতৃক লৈ এনআৰচিৰ শুনানীত উপস্থিত হ'ল বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক ৷ হৃদয়ৰঞ্জন নাথ নামৰ কোনো লোকে জনীয়াৰ কংগ্ৰেছ বিধায়ক তথা বৰপেটাৰ নব নিৰ্বাচিত কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ মাতৃৰ বিৰুদ্ধে এনআৰচি কতৃপক্ষৰ ওচৰত দাখিল কৰিছিল অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতে আজি বৰপেটাৰোডৰ ভগৱানী দেৱী প্ৰসূতি সদনত স্থাপন কৰা এনআৰচিৰ শুনানীত উপস্থিত হৈ নিজৰ নাগৰিকত্বৰ তথ্য দাখিল কৰিলে সাংসদ খালেকৰ বৃদ্ধা মাতৃয়ে ৷ বৃদ্ধা মাতৃগৰাকী শাৰিৰীকভাৱে যথেষ্ঠ অসুস্থ সত্বেও নিজৰ নাগৰিকত্বৰ পৰীক্ষাত এনেদৰে অতি কষ্টৰে উপস্থিত হবলগীয়া হ'ল ৷ ১৯৫১ চনৰ এনআৰচিত নাম সন্নিৱিষ্ট হোৱাৰ লগতে ১৯ ৭০ চনৰ ভেটাৰ তালিকাতো আছে খালেকৰ মীতৃৰ নাম ৷ তাৰপিচতো নিজৰ নাগৰিৰত্বৰ প্ৰমান দিবলৈ এনেদৰে অসুস্থ অৱস্থাতো বৃদ্ধামাতৃগৰাকী শুনানীত উপস্থিত হবলগীয়া হোৱাতো চিন্তনীয় ৷ অকল আবিদুল খালেকৰ মাতৃৰ ক্ষেত্ৰতেই নহয় এনেদৰে নাগৰিকত্বৰ নামত প্ৰকৃত ভাৰতীয় লোকসকলে হাৰাশাস্তিৰ সন্মুখীন হোৱা ঘটনাক লৈ আজি বৰপেটাৰ ৰীজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰে বৰপেটাৰ সাংসদগৰাকীয়ে ৷ আনহাতে চূড়ান্ত তালিকা প্ৰকাশৰ পিচত যাতে কোনো ভাৰতীয় নাগৰিকে এনেদৰে পুনৰ শুনানীৰ সন্মুখীন হবলগীয়া নহয় সেয়া নিশ্চিত কৰাৰ বাবে দাবী জনায় জনীয়াৰ বিধায়ক তথা সাংসদ আব্দুল খালেকে ৷ 

ইপিনে বদৰুদ্দিন আজমলে দেওবাৰে আব্দুল খালেক সম্পৰ্কে কৰা মন্তব্যৰো প্ৰতিক্ৰীয়া ব্যক্ত কৰে ৷ দেওবাৰে আজমলে কৈছিল আব্দুল খালেক হিমন্তৰ প্ৰাৰ্থী বাবেই হেনো বৰপেটাত প্ৰচাৰ চলাবলৈ নাহিল হিমন্তবিশ্ব শৰ্মা ৷ হিমন্তবিশ্বই বৰপেটাত প্ৰচাৰ চলালে অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ ভোট ৫০ হাজাৰ বৃদ্ধি পালেহেতেন বুলি আজমলে কৰা মন্তব্য সম্পৰ্কে খালেকৰ প্ৰতিক্ৰীয়া - আজমলে যে বিজেপিৰ এজেন্ট হিচাপে কাম কৰি আছে এই বকিতব্যত সেইটো প্ৰমানিত হোৱা বুলি দাবী কৰে ৷ আনকি আজমলে এনডিএৰ প্ৰাৰ্থী জয়ী হোৱাটো বিচৰা বুলিও ওলোতাই আজমলক আক্ৰমনৰ লক্ষ্য কৰি লয় আব্দুল খালেকে ৷

বাইটঃ আব্দুল খালেক ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.