জনীয়া, 13 অক্টোবৰ: ৰাজ্যত ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে উপ-নিৰ্বাচনী বতাহ ৷ অহা 21 অক্টোবৰত ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত হ'ব লগা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত এতিয়া নিজৰ সৰ্বস্ব উজাৰি দিছে প্ৰাৰ্থী তথা ৰাজনৈতিক দলসমূহে ৷ পাছ পৰি ৰোৱা নাই বৰপেটাৰ জনীয়া সমষ্টিও ৷ সংখ্যালঘু অধ্যুষিত জনীয়া সমষ্টিত ক্ৰমাৎ তীব্ৰতৰ হৈছে প্ৰচাৰ অভিযান ৷
দেওবাৰে কলগাছিয়াত জনীয়া সমষ্টিৰ এন পি পি দলৰ প্ৰাৰ্থী চান মামুদৰ দেওবাৰে প্ৰচাৰ অভিযান চলালে ধুবৰী সংসদীয় নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলীয়ে ৷ অভিযান কালত নিজ ভাষণত চৰকাৰক ক্ষুৰদ্ধাৰ সমালোচনা কৰে শুকৰ আলীয়ে ৷ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত গোপন বুজাবুজি থকাৰো অভিযোগ কৰে নেতাগৰাকীয়ে ৷
ইফালে চান মামুদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই হোজাইৰ বিধায়ক শিলাদিত্য দেৱক ব্যাপক সমালোচনা কৰে শুকুৰ আলীয়ে ৷ বিধায়ক শিলাদিত্যক মুছলমানৰ বিৰূদ্ধে অপপ্ৰচাৰ নচলাবলৈ সকীয়াই দি শুকুৰ আলীয়ে কয়, " শিলাদিত্যই সঘনাই মুছলমানৰ বিৰূদ্ধে অপপ্ৰচাৰ কৰা বন্ধ কৰক অন্যথা প্ৰয়োজনত শিলাদিত্যৰ সৈতে যুদ্ধ কৰিবলৈও আমি সাজু আছো৷"
আনহাতে, কেবৰ সন্দৰ্ভত মাত নমতা বাবে এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলকো সমালোচনা কৰে আলীয়ে ৷ লগতে বৰপেটাৰ সাংসদ আব্দুল খালেকক কটাক্ষ কৰি শুকুৰ আলীয়ে কয়, "হিমন্ত আৰু আব্দুল খালেকে বুজাবুজিৰ মাজেৰে কাম কৰে"৷ উল্লেখযোগ্য যে, এই প্ৰচাৰ অভিযান কালত শুকুৰ আলীক ৰাইজে যথেষ্ট সহযোগ কৰাৰ ওপৰিও সমৰ্থক সকলে "শুকুৰ আলী জিন্দাবাদ" ধ্বনি দি কলগাছিয়াৰ আকাশ বতাহ কঁপাই তোলে ৷