ETV Bharat / state

টাকাকাটা জাউৰীমাৰী এম ই মাদ্ৰাছাত নাই এজনো শিক্ষক

ৰাজ্যৰ শিক্ষা বিভাগৰ পয়ালগা দৃশ্য ৷ টাকাকাটা জাউৰীমাৰী এম ই মাদ্ৰাছাত নাই এজনো শিক্ষক ৷ ছাত্ৰ-ছাত্ৰীৰ অন্ধকাৰ ভৱিষ্যত ৷ অৱসৰপ্ৰাপ্ত শিক্ষকে কৰি আছে পাঠদান ৷

টাকাকাটা জাউৰীমাৰী এম ই মাদ্ৰাছাত নাই এজনো শিক্ষক
টাকাকাটা জাউৰীমাৰী এম ই মাদ্ৰাছাত নাই এজনো শিক্ষক
author img

By

Published : Mar 10, 2021, 6:10 PM IST

জনীয়া,10 মাৰ্চ: মাত্ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চলিছে মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত টাকাকাটা ঝাউৰিমাৰী এম ই মাদ্ৰাছা ৷ 216 গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলৈ নাই এজনো শিক্ষক ৷ মাদ্ৰাছাখনৰ প্ৰতিগৰাকী শিক্ষকেই লৈছে অৱসৰ ৷ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতলৈ লক্ষ্য কৰি বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলে চলাই গৈছে পাঠদান ৷

টাকাকাটা জাউৰীমাৰী এম ই মাদ্ৰাছাত নাই এজনো শিক্ষক

শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগৰ এই পয়ালগা দৃশ্যই চিন্তিত কৰি তুলিছে সচেতন মহলক ৷ মাদ্ৰাছাখনৰ শিক্ষক শূন্য হোৱাৰ বিষয় ৰাইজে অৱগত কৰিছিল মন্দিয়া খণ্ড শিক্ষা বিষয়া আৰু স্থানীয় তথা বাঘবৰ সমষ্টিৰ বাকপটু বিধায়ক শ্বেৰমান আলী আহমেদক ৷ কিন্তু এই গুৰুত্বপূৰ্ণ বিষয়টোত শিক্ষা বিভাগৰ লগতে বিধায়ক শ্বেৰমান আলী আহমেদে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অতি শীঘ্ৰেই টাকাকাটা জাউৰীমাৰী এম ই মাদ্ৰাছাত পৰ্যাপ্ত শিক্ষক নিয়োগ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: বিজেপি ত্যাগ কৰিব শিলাদিত্য দেৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.