জনীয়া, 16 মে': কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈৰ সুঁতিত চলিছে বিপদ সংকুল যাত্ৰা । মৰণক শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে । চৰকাৰ আহিল, চৰকাৰ গ'ল; কিন্তু নৈপৰীয়া ৰাইজৰ দুঃখ-দুৰ্দশাৰ অন্ত নপৰিল ।
উল্লেখযোগ্য যে, খাৰবাল্লীৰ পৰা ডাউকমাৰী, সুঁতিৰপাথাৰলৈ যোৱা পথটো বানে উটুৱাই নিয়াৰ পাচৰে পৰাই দৈনিক বেকী নদীৰ সুঁতিৰে শ শ কণ-কণ শিশু,মহিলা, যুৱক-বৃদ্ধ সকলোৱে ভঙা পথেৰে নদী পাৰ হ’ব লগীয়া হৈছে । বাৰাম্বাৰ স্থানীয় ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিক অনুৰোধ কৰাৰ পাচতো কোনো সুফল নাপালে ৷
অৱশেষত স্থানীয় ৰাইজে গাঠিৰ ধন ভাঙি সুঁতিৰ মাজত ৰাস্তা নিৰ্মাণ কৰি কোনোমতে যাতায়তৰ ব্যৱস্থা কৰি লৈছে ৷ কিন্তু সেয়াই যথেষ্ট নহয়, এজাক বৰষুণতেই পথটো ভাঙি যোৱাৰ আশংকা কৰি ওখ মথাউৰি অথবা এখন কাঠৰ দলং নিৰ্মাণ কৰিবলৈ নতুন চৰকাৰৰ লগতে স্থানীয় বিধায়কক দাবী জনাইছে ৰাইজে ৷
লগতে পঢ়ক: সৰুপথাৰ সমষ্টিত উপস্থিত বিধায়ক বিশ্বজিৎ ফুকন