ETV Bharat / state

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকে সেৱা আগবঢ়াব নোৱাৰিব ব্যক্তিগত নাৰ্চিংহোমত

author img

By

Published : May 3, 2020, 5:02 PM IST

বৰপেটা মেডিকেল কলেজ হাস্পতালত কৰ্মৰত কোনো চিকিৎসকে এতিয়াৰেপৰা ব্যক্তিগত নাৰ্চিংহোম, চৰকাৰী-বেচৰকাৰী অন্য যিকোনো স্বাস্থ্য সংস্থাত চিকিৎসা কৰিব নোৱাৰিব ৷ এয়া কৰ'ণা প্ৰতিৰোধৰ বাবে লোৱা সাময়িক নিৰ্দেশনা বুলি জানিবলৈ দিছে অধ্যক্ষ ডা৹ ধ্ৰুৱজ্যোতি বৰাই ৷

barpeta medical college hospital
barpeta medical college hospital

বৰপেটা, ৩ মে' : মহামাৰী কৰ'ণাই সকলোকে আতংকিত কৰি তুলিছে ৷ নিতৌ কৰ'ণাত আক্ৰান্ত হৈছে বহু চিকিৎসকৰ লগতে চিকিৎসাকৰ্মী ৷ মহামাৰী কৰ'ণাত পৰি সমগ্ৰ বিশ্বতে বহুসংখ্যক চিকিৎসক, চিকিৎসাকৰ্মীয়ে হেৰুৱাইছে প্ৰাণ ৷ বিশেষকৈ ব্যক্তিগত নাৰ্চিংহোম সমূহৰ পৰা চৰকাৰী হাস্পতাললৈ কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডা৹ ধ্ৰুৱজ্যোতি বৰাই প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডা৹ ধ্ৰুৱজ্যোতি বৰাই প্ৰদান কৰা নিৰ্দেশনা অনুসৰি বৰপেটা মেডিকেল কলেজ হাস্পতালত কৰ্মৰত কোনো চিকিৎসকে এতিয়াৰেপৰা ব্যক্তিগত নাৰ্চিংহোম, চৰকাৰী-বেচৰকাৰী অন্য যিকোনো স্বাস্থ্য সংস্থাত চিকিৎসা কৰিব নোৱাৰিব ৷ অৱশ্যে, এয়া কৰ'ণা প্ৰতিৰোধৰ বাবে লোৱা সাময়িক নিৰ্দেশনা বুলি জানিবলৈ দিছে অধ্যক্ষ ডা৹ ধ্ৰুৱজ্যোতি বৰাই ৷

barpeta medical college hospital
বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ নিৰ্দেশনা

ডা৹ ধ্ৰুৱজ্যোতি বৰাই প্ৰদান কৰা নিৰ্দেশনা অতিশয় যুক্তিপূৰ্ণ বুলি মন্তব্য কৰিছে বৰপেটাৰ বিধায়ক তথা বৰপেটা মেডিকেল কলেজ হাস্পতালৰ সভাপতি গুনীন্দ্ৰ নাথ দাসে ৷ অৱশ্যে এই নিৰ্দেশনাৰ ফলত নাৰ্চিংহোমত চিকিৎসাধীন ৰোগীসকল বহু পৰিমাণে সমস্যাত পৰিব বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ৷ তাৰোপৰি এই নিৰ্দেশনাৰ ফলত নাৰ্চিংহোমসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে নাৰ্চিংহোমত কাম কৰি থকা বহু যুৱক যুৱতীয়ে চাকৰি হেৰুৱাবলগীয়া হ'ব বুলিও আশংকা কৰিছে বিধায়কগৰাকীয়ে ৷

বৰপেটা চিকিৎসালয়ৰ চিকিৎসকে সেৱা আগবঢ়াব নোৱাৰিব ব্যক্তিগত নাৰ্চিংহোমত !

ব্যক্তিগত নাৰ্চিংহোম আদিত চিকিৎসাধীন ৰোগী আৰু কৰ্মচাৰীসকলৰ প্ৰতি নজৰ ৰাখি বৰপেটা মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ ডা৹ ধ্ৰুৱজ্যোতি বৰাক এই নিৰ্দেশনা সম্পৰ্কত পুনৰ বিবেচনাৰ আহ্বান জনাইছে বৰপেটাৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : পুষ্প বৃষ্টিৰে কৰ'ণা যোদ্ধালৈ কৃতজ্ঞতা ভাৰতীয় বায়ু সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.