বৰপেটা,18 মাৰ্চ: বৃহস্পতিবাৰে বৰপেটাত বিজেপিৰ প্ৰাৰ্থী শংকৰ চন্দ্ৰ দাসে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস আৰু বৰপেটাৰ অগপ বিধায়কক সংগী কৰি সৰভোগ সমষ্টিৰ বাবে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷ জিলা বিজেপি কাৰ্যালয়ৰ পৰা সমদল কৰি আহি জিলা উপায়ুক্ত কাৰ্যালয়ত শংকৰ দাসে মনোনয়ন দাখিল কৰে ৷ সমদলত অগপ, বিজেপিৰ সৈতে ইউপিপিএলৰো সমৰ্থকে অংশগ্ৰহণ কৰে ৷
সমদলত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক বিজেপিৰ সভাপতি তথা আগন্তুক নিৰ্বাচনৰ বাবে পাটাছাৰকুছি সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসে সৰভোগত বিজেপিৰ শংকৰ দাসৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি সৰভোগ সমষ্টি বিজেপিৰ হাতৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে বুলি মন্তব্য কৰে ৷ মুছলমান মানেই কংগ্ৰেছ, এআইইউডিএফ হ’ব নোৱাৰে, তাৰ প্ৰমাণ এইবাৰৰ নিৰ্বাচন ফলাফলত পোৱা যাব বুলি মন্তব্য কৰি দাসে লগতে এইবুলিও কয় যে, সৰভোগত ৰণজিৎ কুমাৰ দাসৰ পৰিৱৰ্তে পৃষ্ঠাপ্ৰমুখ এজন অৱতীৰ্ণ হ’লেও নিৰ্বাচিত হ'ব ৷
সৰভোগ আসনখন বিজেপিৰ পৰা লৈ যাবলৈ মহাজোঁটক প্ৰত্যাহ্বান জনাই ৰণজিৎ দাসে কয় যে, কোনো কাৰণতে বিজেপিৰ কাৰ্যকৰ্তাই সৰভোগৰ আসনখন এৰি নিদিয়ে, কাৰণ সৰভোগৰ কাৰ্যকৰ্তাসকল ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ কাৰ্যকৰ্তা ৷ সৰভোগৰ কাৰ্যকৰ্তাসকলেই প্ৰথম ভাৰতবৰ্ষৰ চিপিএমৰ দখলত থকা দেশৰ প্ৰথমখন আসন আঁজুৰি আনিবলৈ সক্ষম হৈছো বুলি দাবী কৰি দাসে লগতে সৰভোগৰ 95 শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি দাবী কৰে ৷
বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ লগতে বাঘবৰ আৰু জনীয়া সমষ্টিতো বিজেপি জয়ী হ'ব বুলি জানিবলৈ দি দাসে সংখ্যালঘু লোকসকলেও বিজেপিক আঁকোৱালি লৈছে বুলি দাবী কৰিছে ৷