বৰপেটা,18 নৱেম্বৰ: সত্ৰনগৰী বৰপেটাৰ এগৰাকী উদীয়মান চিত্ৰ শিল্পী নিৰ্জুৰাজ দাস ৷ দাসে যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ’ব শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ উপহাৰ হিচাপে জুইৰে অংকন কৰিলে মৰমৰ শিল্পীগৰাকীক ৷
বিগত সময়ত লক ডাউনৰ বাবে ঘৰতে আৱদ্ধ নিৰ্জুৰাজে কিবা এটা নতুনকৈ কৰাৰ ইচ্ছাৰে জুইৰে চিত্ৰ আঁকিবলৈ লয় ৷ কেইটামান দিনৰ ভিতৰতে শিল্পীগৰাকীয়ে জুইৰে চিত্ৰ অঁকাত অভ্যস্ত হৈ পৰে ৷ ইতিমধ্যে শিল্পীগৰাকীয়ে জুইৰে অংকন কৰা চিত্ৰৰে অসম বুক অব ৰেকৰ্ডছ আৰু বেংগল বুক অব ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ সৰুতে পিতৃ-মাতৃক হেৰুওৱা নিৰ্জু পালিত হৈছে মাহীয়েকৰ তত্বাৱধানত ৷ নিৰ্জুৰ মোমায়েক তথা ভাস্কৰ্য শিল্পী সত্যৱান দাসৰ তত্বাৱধানত চিত্ৰশিল্পৰ জগতত খোজ পেলাইছিল যুৱকগৰাকীয়ে ৷ প্ৰায় ৯ বছৰ বয়সৰ পৰা চিত্ৰ অংকন কৰিবলৈ লোৱা শিল্পীগৰাকী সম্প্ৰতি ব্যস্ত জুইৰে চিত্ৰ অঁকাত ৷
লগতে চাওকঃ আছুৰ 17 সংখ্যক দুলীয়াজান অধিৱেশন আৰম্ভ