বৰপেটাৰোড, 2 জানুৱাৰীঃ প্ৰকৃতি আৰু পৰিৱেশ সুৰক্ষাৰ প্ৰতি সমগ্ৰ দেশজুৰি মানুহৰ মনত সচেতনতা অনাৰ উদ্দেশ্যেৰে উজনি অসমৰ চৰাইদেউ মৈদামৰ পৰা দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনলৈ পদযাত্ৰা কৰিছে এগৰাকী যুৱতীয়ে ৷ এই প্ৰকৃতিপ্ৰেমী যুৱতী গৰাকী হৈছে নিজৰা ফুকন ৷ বিগত বৰ্ষৰ এক ডিচেম্বৰত চৰাইদেউ মৈদামৰ পৰা পদযাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে বৰপেটাৰোডত উপস্থিত হয় প্ৰকৃতিপ্ৰেমী নিজৰা ফুকন ৷ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পদযাত্ৰা কৰি বৃহস্পতিবাৰে নিজৰা ফুকন বৰপেটাৰ শিমলাগুৰীত আহি উপস্থিত হোৱাৰ লগে লগে তেওঁক বিভিন্ন দল সংগঠনে উষ্ম অভিনন্দন জ্ঞাপন কৰে ৷
উল্লেখ্য যে চৰাইদেউ মৈদামৰ পৰা দিল্লীলৈকে দূৰত্ব সৰ্বমুঠ 2246 কিলোমিটাৰ ৷ নতুন দিল্লী অভিমূখে পদযাত্ৰা কৰা নিজৰা ফুকনে নিতৌ 30 কিলোমিটাৰ পদযাত্ৰা কৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ 75 দিনত দিল্লীত উপস্থিত হ'ব লাগে বুলি উল্লেখ কৰিছে যদিও, হয়তো স্বাস্থ্যজনিত কাৰণত মাজে সময়ে তেওঁক জিৰণিৰ প্ৰয়োজন হ'ব পাৰে ৷ সেয়ে 90 দিন অৰ্থাৎ তিনি মাহত ৰাষ্ট্ৰপতি ভৱন গৈ পাব বুলি আশা প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী যুৱতী গৰাকীয়ে ৷ লগতে তেওঁ পৰিৱেশ সম্পৰ্কীয় বিভিন্ন দাবী সম্বলিত এখনি স্মাৰক পত্ৰ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় পৰিবেশ আৰু বনমন্ত্ৰীক প্ৰদান কৰিব বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে ৷
লগতে পঢ়ক - নিলামবজাৰ হত্যাকাণ্ডৰ দুই অভিযুক্তক আটক