1.সাংবাদিক মাৰিয়া ৰেছা আৰু দিমিত্রি মুৰাটভলৈ শান্তিৰ নোবেল বঁটা
ঘোষণা কৰা হ’ল 2021 বৰ্ষৰ শান্তিৰ নোবেল বঁটা ৷ এই বৰ্ষৰ শান্তিৰ নোবেল বঁটা ফিলিপাইনছৰ মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ দিমিত্রি মুৰাটভক প্ৰদান কৰা হৈছে ।
2.ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা
শুকুৰবাৰে দিছপুৰ থানাত হাজিৰ হয় জি এন আৰ চিৰ চিকিৎসক ডাঃ নভনীল বৰুৱা ৷ ৰাজকন্যা বৰুৱাক ভুৱা স্বাস্থ্য প্ৰমাণ পত্ৰৰে আই চি ইউত ভৰ্তিৰ সুবিধা কৰি দিয়াৰ অভিযোগ ডাঃ বৰুৱাৰ ওপৰত ৷
3.সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিল : ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব প্ৰত্যাহ্বান
উপ-নিৰ্বাচন দুৱাৰ দলিত । অসমৰ আন আন সমষ্টিৰ দৰে থাওৰা সমষ্টিটো গৰম হৈছে নিৰ্বাচনী বতাহ । বৃহস্পতিবাৰে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ পাচত আজি কংগ্ৰেছ দল এৰি বিজেপি দললৈ যোৱা সুশান্ত বৰগোঁহাইয়ে দাখিল কৰিছে মনোনয়ন ৷ সমস্ত শক্তি প্ৰদৰ্শন কৰি শুকুৰবাৰে বিজেপি দলে ১০৭ নং থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ মনোনয়ন দাখিল কৰে ৷
4.উপ-নিৰ্বাচন : মৰিয়নীত মনোনয়ন দাখিল কৰিব তিনি প্ৰাৰ্থীয়ে
মৰিয়নী বিধানসভা সমষ্টি(Mariani Constituency)ৰ উপ-নিৰ্বাচন(By Election)ৰ বাবে শুকুৰবাৰে মনোনয়ন(Nomination) পত্ৰ দাখিল কৰিব সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়োৱা তিনিগৰাকী প্ৰাৰ্থীয়ে । বিজেপিৰ ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi), কংগ্ৰেছৰ লোহিত কোঁৱৰ(Lohit Konwar) আৰু ৰাইজৰ দলৰ সঞ্জীৱ গগৈ(Sanjib Gogoi)য়ে দাখিল কৰিব এই মনোনয়ন পত্ৰ ৷
5.মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে বিধায়ক শ্বেৰমান আলীক
বিধায়ক পুঁজি আত্মসাতৰ অভিযোগত মুখ্যমন্ত্রীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ(Sherman Ali Ahmed)ক । গ্ৰেপ্তাৰৰ পিছতে বিশেষ আদালত হাজিৰ কৰোৱা হয় বিধায়কগৰাকীক । পূৰ্বে শ্বহীদক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী আহমেদ ।
6.সৰুপথাৰৰ টেঙানীত বিধায়ক বিশ্বজিৎ ফুকনক আদৰণি
বৃহস্পতিবাৰে টেঙানীত উপস্থিত হয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ৷ টেঙানীত বিপুলভাৱে আদৰণি জনোৱা হয় বিধায়কগৰাকীক ৷
7.পুনৰ ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষ
চীনে বিভিন্ন সময়ত ভাৰতৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলাই আহিছে । যাৰ বাবে দুয়োখন দেশৰ মাজত বহু সময়ত সীমা সমস্যাকলৈ সংঘৰ্ষৰো সৃষ্টি হয় । দুয়োখন দেশৰ মাজত এই সমস্যা সমাধানক লৈ আলোচনা চলি থকাৰ মাজতে পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চীনা সৈন্যৰ ।
8.১৫ অক্টোবৰৰ পৰা বিদেশীসকলক দিয়া হ'ব ভাৰতীয় পৰ্যটক ভিছা
দীৰ্ঘ বিৰতিৰ অন্তত অৱশেষত ভাৰতলৈ আহিব পাৰিব বিদেশী পৰ্যটক । ক'ভিড পৰিস্থিতিৰ বাবে যোৱা বছৰৰ পৰা বিদেশীসকলক প্ৰদান কৰা হোৱা নাছিল কোনো ধৰণৰ ভিছা । কিন্তু শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই মাহৰ পৰাই বিদেশীসকলক ভাৰতলৈ অহাৰ অনুমতি দিয়া হ'ব ।
9.গোলাঘাটৰ প্ৰতিখন থানাত প্ৰাথমিক চিকিৎসা সেৱাৰ উপকৰণ বিতৰণ
গোলাঘাটৰ প্ৰতিখন থানাত পৰিবহণ বিভাগৰ উদ্যোগত প্ৰাথমিক চিকিৎসা সেৱাৰ উপকৰণ বিতৰণ ৷ আৰক্ষী থানাতেই দুৰ্ঘটনাত পতিত লোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লক্ষ্য ৰাখি জিলাখনৰ আৰক্ষী থানাসমূহত বিভাগটোৱে একোখনকৈ ষ্টেচাৰৰ লগতে প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো সা-সামগ্ৰী বিতৰণ কৰে ৷
10.উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ উত্তাল প্ৰতিবাদ
উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদ(PSSA)ৰ প্ৰতিবাদী কাৰ্যসূচী । সমাজ কল্যাণ বিভাগ(Social Welfare Department)ৰ অধীনত বিশেষভাৱে সক্ষম লোক(Specially Abled)সকলৰ চতুৰ্থ শ্ৰেণী পদ সংৰক্ষণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati University)য়ে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল ৷