ETV Bharat / state

কলগাছিয়াত 10 কোটি টকা ব্যয় সাপেক্ষে ক্ৰীড়া প্ৰকল্প - FOUNDATION STONE

কলগাছিয়াত থকা বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ মুকলি পথাৰত ফ্লাড লাইটৰ সুবিধাযুক্ত এখন ফুটবল খেলপথাৰ, এটা দুমহলীয়া পেভিলিয়ন, চৌপাশৰ দেৱাল, শৌচালয়, নৰ্দমা, পানী যোগান ব্যৱস্থা আদি সামৰি লোৱা হৈছে এই প্ৰকল্পত ৷

কলগাছিয়াত 10 কোটি টকা ব্যয় সাপেক্ষে ক্ৰীড়া প্ৰকল্প
author img

By

Published : Jun 9, 2019, 4:51 PM IST

জনীয়া,9 জুনঃ অসম চৰকাৰৰ Signature প্ৰকল্পৰ অধীনত স্থাপন কৰিবলৈ লোৱা এটি ক্ৰীড়া প্ৰকল্পৰ দেওবাৰে বৰপেটা জিলাৰ কলগাছিয়াত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে 6নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই । Signature Project হিচাপে APWD আঁচনিৰ অধীনত প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ৰাজ্য চৰকাৰে 10 কোটি টকা মুকলি কৰি দিছে । ইয়াৰ অধীনত কলগাছিয়াত থকা বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ মুকলি পথাৰত ফ্লাড লাইটৰ সুবিধাযুক্ত এখন ফুটবল খেলপথাৰ, এটা দুমহলীয়া পেভিলিয়ন, চৌপাশৰ দেৱাল, শৌচালয়, নৰ্দমা, পানী যোগান ব্যবস্থা আদি সামৰি লোৱা হৈছে । এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰি সভাত বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে উন্নয়নৰ প্ৰশ্নত দল-মত নিৰ্বিশেষে সকলোকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায় । সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমটো ৰাজহুৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ অঞ্চলটোৰ বিকাশৰ বাবে থকা নিজৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰাৰ লগতে 'চলো পালটাই'ৰ বিৰোধিতা কৰা বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে । এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰি উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই এই প্ৰকল্পটোৰ পৰা উচ্চমানৰ ক্ৰীড়াবিদৰ সৃষ্টি হ’ব বুলি আৰু অঞ্চলটোলৈ এটা সুন্দৰ বাতাবৰণ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে । সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, কলগাছিয়াৰ চক্ৰ বিষয়া অজিত কলিতা, খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষ, জিলা ক্ৰীড়া বিষয়া মানসপ্ৰতিম দাস, প্ৰাক্তন বিধায়কদ্বয় আব্দুৰ ৰৌফ আৰু আব্দুছ ছোবাহান উপস্থিত থাকে ।

Intro:Slug: as_jania_09jun_adarhila_sthapon_vis3+byt1+pho1_asc10058

জনীয়া, ০৮ জুন: কলগাছিয়াত ১০ কোটি টকা ব্যায় সাপেক্ষে ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন। 'চলো পালটাই'ৰ বিৰোধিতা বিৰোধিতা সাংসদ আব্দুল খালেকৰ।Body:Slug: as_jania_09jun_adarhila_sthapon_vis3+byt1+pho1_asc10058

অসম চৰকাৰৰ Signature প্ৰকল্পৰ অধীনত স্থাপন কৰিবলৈ লোৱা এটি ক্ৰীড়া প্ৰকল্পৰ আজি বৰপেটা জিলাৰ কলগাছিয়াত আনুষ্ঠানিক ভাবে আধাৰশিলা স্থাপন কৰে ৬নং বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক আৰু বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই। Signature Project হিচাপে APWD আঁচনিৰ অধীনত প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ৰাজ্য চৰকাৰে ১০ কৌটি টকা মুকলি কৰি দিছে। ইয়াৰ অধীনত কলগাছিয়াত থকা বৰপেটা অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ মুকলি পথাৰত ফ্লাড লাইটৰ সুবিধাযুক্ত এখন ফুটবল খেলপথাৰ, এটা দুমহলীয়া পেভিলিয়ন, চৌপাশৰ দেৱাল, শৌচালয়, নৰ্দমা, পানী যোগান ব্যবস্থা আদি সামৰি লোৱা হৈছে। এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰি সভাত বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে উন্নয়নৰ প্ৰশ্নত দলমত নিৰ্বিশেষে সকলোকে ঐক্যবদ্ধ হবলৈ আহ্বান জনায়। সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰথমটো ৰাজহুৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দিয়ক ভাষণত তেওঁ অঞ্চলটোৰ বিকাশৰ বাবে থকা নিজৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰাৰ লগতে 'চলো পালটাই'ৰ বিৰোধিতা কৰা বুলি ভাষণ প্ৰসংগত মন্তব্য কৰে। এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰি উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই এই প্ৰকল্পটোৰ পৰা উচ্চমানৰ ক্ৰীড়াবিদৰ সৃষ্টি হব বুলি আৰু অঞ্চলটোলৈ এটা সুন্দৰ বাতাবৰণ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, কলগাছিয়াৰ চক্ৰ বিষয়া অজিত কলিতা, খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষ, জিলা ক্ৰীড়া বিষয়া মানসপ্ৰতিম দাস, প্ৰাক্তন বিধাকদয় আব্দুৰ ৰৌফ আৰু আব্দুছ ছোবাহান উপস্থিত থাকে।Conclusion:Slug: as_jania_09jun_adarhila_sthapon_vis3+byt1+pho1_asc10058

বাইট: উপায়ুক্ত মুনিন্দ্ৰ শৰ্মা।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.