মৰিগাঁও, বৰপেটা, ১৩ আগষ্ট : বৃহস্পতিবাৰে সমগ্ৰ দেশবাসীয়ে স্মৰণ কৰে পদ্মশ্ৰী ড০ শিৱালী ৰামমৃত ৰংগানাথন(Dr. S.R Ranganathan)ক । অসমতো বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস(National Librarian day) পালন কৰা হয় । গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃ স্বৰূপ ড০ শিৱালী ৰামমৃত ৰংগানাথনৰ সোঁৱৰণত মৰিগাঁও জিলা পুথিভঁৰালৰ সভাগৃহত দিনযোৰা কাৰ্যসূচীৰে গ্ৰন্থাগাৰিক দিৱস পালন কৰা হয় ।
গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃ স্বৰূপ ড০ শিৱালী ৰামমৃত ৰংগানাথনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি দি আৰু প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰি সকলোৱে শ্ৰদ্ধা নিবেদন কৰে । ক'ভিড বিধি মানি অনুষ্ঠিত কৰা আলোচনা সভাৰ সভাপতিত্ব কৰে মৰিগাঁও জিলা পুথিভঁৰালৰ গ্ৰন্থাগাৰিক উৎপলা বৰুৱাই ৷ আলোচনা সভাত বিশিষ্ট চিন্তাবিদ তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰ আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ লগতে মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সম্পাদক বলদেৱ নাথ, একাংশ গ্ৰাম্য পুথিভঁৰালী, জিলা পুথিভঁৰালৰ কৰ্মচাৰী উপস্থিত থাকে ।
![Librarian day observed at Morigaon and Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-01to04-12aug-national-library-day-visbitephoto-as10038_12082021150736_1208f_1628761056_406.png)
লগতে ছাত্ৰ নেতা লোকেন্দ্ৰ ছেত্ৰী, জিলা পুথিভঁৰালৰ অৱসৰপ্ৰাপ্ত গাণনিক উমেশ চন্দ্ৰ বৰা, জিলা পুথিভঁৰাল সন্থাৰ সহকাৰী সম্পাদক চাহাবুদ্দিন আহমেদ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
আনহাতে, ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে বৰপেটা টাউন হাইস্কুলতো ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস পালন কৰা হয় ৷ মূলতঃ ছাত্ৰ-ছাত্ৰীৰ মাজত পঠন বিপ্লৱ গঢ়ি তোলাৰ লক্ষ্যৰে এই বিশেষ দিনটো পালন কৰা হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুথিভঁৰাল আৰু পুথি অধ্যয়নৰ প্ৰতি আগ্রহ বৃদ্ধি কৰাৰ লগতে শিক্ষক, অভিভাৱকৰ মাজত অধ্যয়নৰ দ্বাৰা সংযোগ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।
![Librarian day observed at Morigaon and Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-12-th-ag-librarianday-rtu-805-vis-img-bt-as10005_12082021173801_1208f_1628770081_287.jpg)
পুথিভঁৰাল স্থাপনৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰি ঘৰতে পুথিভঁৰাল স্থাপনৰ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । এই অনুষ্ঠানত বৰপেটাৰ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুষাল, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰক্ত উপায়ুক্ত লখিমী দত্তৰ লগতে একাংশ শিক্ষক আৰু অভিভাৱকো উপস্থিত থাকে ।