বৰপেটা, ২৪ ডিচেম্বৰ : ৰাষ্ট্ৰীয় ক্ৰেডেট ক্ৰপ চমুকৈ এন চি চিয়ে সম্পূৰ্ণ কৰিলে ৭৫ বছৰ ৷ সেয়ে হীৰক জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । এন চি চি প্ৰতিষ্ঠাৰ ৭৫ বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি চাইকেল ৰেলী আৰম্ভ হৈছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে গুৱাহাটীৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰিছে ১৪ জনীয়া এটা যুৱতীৰ দলে । হীৰক জয়ন্তী উপলক্ষে দিল্লী অভিমুখে যাত্ৰা কৰা এই দলটো আজি বৰপেটাত উপস্থিত হয় । বৰপেটাত দলটো উপস্থিত হোৱাৰ লগে লগে আদৰণি জনায় অতিৰিক্ত জিলা আয়ুক্ত খনীন্দ্ৰ দাসে ।
ইয়াৰ পাছত জিলা আয়ুক্ত আয়ুষ গৰ্গে দলটোৰ লগত মত বিনিময় কৰি এই যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখযোগ্য যে নাৰী শক্তিৰ প্ৰতিনিধি হিচাপে কেবল যুৱতীক লৈ গঠিত ৰাষ্ট্ৰীয় ক্ৰেডেট ক্ৰপৰ কেডেটৰ এই দলটোৱে যোৱা ২২ ডিচেম্বৰত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । আজি তেওঁলোক বৰপেটাত উপস্থিত হয় । ইয়াৰ পিচতেই বৰপেটাৰ পৰা ১৪ জনীয়া দলটো শিলিগুৰি অভিমুখে ৰাওনা হয় ।
আয়ুক্ত আয়ুষ গৰ্গে বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত পতাকা জোকাৰি দলটোৰ শিলিগুৰি অভিমুখী যাত্ৰাৰ আৰম্ভণি কৰে । শিলিগুৰিৰ পৰা পাটনা, বাৰানসী, লক্ষৌ হৈ অহা ২৮ জানুৱাৰীত দলটো নতুন দিল্লীত উপস্থিত হ'ব । ৰাষ্ট্ৰীয় ক্ৰেডেট ক্ৰপৰ হীৰক জয়ন্তী উপলক্ষে গুৱাহাটীৰ পৰা দিল্লীলৈ দলটোৱে ২,১০৭ কিলোমিটাৰ দূৰত্ব সামৰি ল'ব । এই দলটোক এন চি চিৰ কেবাগৰাকী বিষয়াই সংগ দিয়ে ।
লগতে পঢ়ক:শনিবাৰৰ পৰা মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আৰম্ভ দ্বিতীয় বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা