ETV Bharat / state

জনীয়াত নেচনেল ৰিপাব্লিক কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত

পালতৰা নাও লৈ জনীয়াত প্ৰচাৰত নামিছে নেচনেল ৰিপাব্লিক কংগ্ৰেছৰ প্ৰাৰ্থী মজিদুল ইছলাম ৷ প্ৰায় দহ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী প্ৰাৰ্থী গৰাকীৰ ৷

national congress candidate majidul islam campaigns at jania
জনীয়া সমষ্টিত নেচনেল ৰিপাব্লিক কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তুংগত
author img

By

Published : Mar 28, 2021, 1:34 PM IST

জনীয়া,28 মাৰ্চ: প্ৰায় দহ হাজাৰ ভোটৰ ব্যৱধানত অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰিব বুলি দাবী কৰিছে 44 নং জনীয়া বিধানসভা সমষ্টিৰ নেচনেল ৰিপাব্লিক কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাজিদুল ইছলামে ৷ সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাৰ্থী গৰাকীয়ে এই মন্তব্য কৰে ৷

national congress candidate majidul islam campaigns at jania
প্ৰায় দহ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি দাবী প্ৰাৰ্থী গৰাকীৰ

দহ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰি ইছলামে লগতে কোনো প্ৰাৰ্থীৰ সৈতে তেওঁৰ প্ৰতিদ্বন্দ্বিতা নহয় বুলিও মন্তব্য কৰে ৷ বিভিন্ন দলৰ বিধায়কে এইবাৰ চৰকাৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি মন্তব্য কৰি ৰাইজে এইবাৰ তেওঁকেই ভোট দিব বুলিও তেওঁ মত প্ৰকাশ কৰে ৷

বিজেপিয়ে তেওঁৰ ওচৰত পাট্টা নাপাই বুলি দাবী কৰি প্ৰাৰ্থী গৰাকীয়ে এতিয়া পালতৰা নাৱৰ প্ৰতীক চিহ্ন লৈ ৰাইজৰ দুৱাৰে দুৱাৰে ভোট ভিক্ষাত নামি পৰিছে ৷

লগতে পঢ়ক: ছয়গাঁৱত অগপত ব্যাপক খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.