কলগাছিয়া, 6 মাৰ্চ : বৰপেটা জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথা গাঁৱত এগৰাকী বোৱাৰীৰ ৰহস্য জনক মৃত্যুৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ(Mysterious suicide case at kalgachia) ৷
উল্লেখ্য যে, এবছৰ পূৰ্বে বৰপেটা জিলাৰ গৰৈমাৰি গাঁৱৰ খজ আলীৰ কন্যা ৰাবিয়া খাতুনক কলগাছিয়াৰ বলাইপাথা গাঁৱৰে মোমৰেজ আলীৰ পুত্ৰ জেহেৰুল ইছলমে পলুৱাই নি বিয়া পাতিছিল । কিন্তু বিয়াৰ কেইদিনমান পিছৰে পৰাই স্বামী জেহেৰুল ইছালমে যৌতুকৰ দাবীত প্ৰত্যেক দিনাই শাৰীৰিক-মানসিক অত্যাচাৰ কৰি আহিছিল বুলি মৃত ৰাবিয়া খাতুনৰ আত্মীয়ই অভিযোগ উত্থাপন কৰে ।
ৰাবিয়া খাতুনৰ পিতৃ পৰিয়ালে কৰা অভিযোগ অনুসৰি স্বামী জেহেৰুল ইছলমে যৌতুকৰ ধন দিব নোৱাৰাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি আত্মীয়ই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে।
ইয়াৰ পিছতে নিশা ১.৩০ বজাত কলগাছিয়া আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ চিপ লৈ থকা অৱস্থাত মৃতদেহটি উদ্ধাৰ কৰি থানালৈ প্ৰেৰণ কৰে । এতিয়া পৰিয়ালৰ লোকে তদন্ত সাপেক্ষে ন্যায় বিচাৰি দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে, যাতে অনাগত দিনত এনেদৰে অন্য ৰাবিয়াই আত্মহত্যাৰ বলি হ'বলগীয়া নহয় ৷
লগতে পঢ়ক : ৰঙিয়াত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ