ETV Bharat / state

সত্যৰঞ্জন বৰাক উভতি ধৰিলে মুক্তাৰ হুছেইন খানে

বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান সৰৱ হৈ পৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে ৷ বৰপেটাৰ চেঙাত জিলা বিজেপিৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকি বৰাক উভতি ধৰে খানে ৷

author img

By

Published : Dec 30, 2020, 3:04 PM IST

muktar hussain reaction against satyaranjan bora barpeta assam etv bharat news
সত্যৰঞ্জন বৰাক উভতি ধৰিলে মুক্তাৰ হুছেইন খানে

বৰপেটা,30 ডিচেম্বৰ: বিগত সময়ছোৱাত উগ্ৰ হিন্দুত্ববাদী বিভিন্ন মন্তব্যৰে সংবাদ শীৰ্ষ দখল কৰা সত্যৰঞ্জন বৰাক এইবাৰ উভতি ধৰিছে বিজেপি নেতাই ৷ বৰাই সময়ে সময়ে প্ৰকাশ কৰি অহা মন্তব্যসমূহক পাগলৰ প্ৰলাপ বুলি কয় গেৰুৱা দলটোৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাই ৷ বৰপেটাৰ চেঙাত এইদৰে বৰাক উভতি ধৰে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা মুক্তাৰ হুছেইন খানে ৷ চেঙাত মঙলবাৰে অনুষ্ঠিত দলটোৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকি এইদৰে সৰৱ হৈ পৰে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি খান ৷ খানে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত সত্যৰঞ্জন বৰাক তীব্ৰ সমালোচনা কৰে ৷ লগতে বৰা বিজেপি দলৰ কোনো দলীয় পদত নথকাৰ পৰিপ্ৰেক্ষিতত বৰাই প্ৰকাশ কৰা মন্তব্যসমূহৰ সৈতে দলটোৰ কোনো সম্পৰ্ক নাই বুলি ব্যক্ত কৰে ৷ সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পাইছে নেকি বুলি খানক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, সংবাদ মাধ্যম আৰু বিৰোধী দলেহে এই অভিযোগ উত্থাপন কৰি প্ৰচাৰ কৰিছে ৷

তদুপৰি হিন্দুত্ববাদী নেতাগৰাকীক কঠোৰ সমালোচনা কৰি সত্যৰঞ্জন বৰাৰ বক্তব্যসমূহক প্ৰলাপ আখ্যা দিয়ে মুক্তাৰ হুছেইন খানে ৷ বৰাৰ কি হৈছে সেয়া একমাত্ৰ চিকিৎসকেহে উত্তৰ দিব পাৰিব ৷ লগতে চৰকাৰে বৰাই যাতে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সময়ে সময়ে সচেতন কৰি আহিছে ৷ সত্যৰঞ্জন বৰাই সীমা উলংঘন কৰিলে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৷ বৰাই কোৰাণ পঢ়া মানুহক অসুৰৰ সৈতে তুলনা কৰাৰ সন্দৰ্ভত খানে কয় যে, পৃথিৱীৰ 25%-26% মানুহে কোৰাণ পঢ়ে ৷ গতিকে এই 26% মানুহ অসুৰ হ’লে বিশ্বখন ধ্বংস হৈ গ'লহেতেন বুলি মন্তব্য কৰে গেৰুৱা দলটোৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷

লগতে চাওকঃ অৱশেষত বিধানসভাৰ মজিয়াত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.