বৰপেটা,12 জুলাইঃ ৰাজ্যত বানৰ সমান্তৰালভাৱে আহিছে এনকেফেলাইটিছ ৰোগৰ আতংক ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কেবাজনো লোকৰ মৃত্যু হোৱাৰ পিচতে এইবাৰ বৰপেটাৰ মুছলপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে এটি ৯ বছৰীয়া শিশু ৷ আক্ৰান্ত হোৱা শিশুটি মুছলপুৰৰ নিকটৱৰ্তী গাৰামদেউ গাঁৱৰ লোহিত ভৰালীৰ পুত্ৰ সত্যজিৎ ভৰালী বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি শিশুটিক মুছলপুৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ৷
বৰপেটাত এনকেফেলাইটিছ ৰোগৰ আতংক - Chapaguri
বৰপেটাৰ মুছলপুৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে এটি ৯ বছৰীয়া শিশু