বৰপেটা, 25 জুন: ‘‘সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মাৰ খচৰাহে ৷ এই খচৰাৰ মই বিৰোধিতা কৰোঁ ৷ এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ কোনো প্ৰয়োজনেই নাই ৷’’ এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ ৷ দেওবাৰে বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ সমষ্টিটোত উপস্থিত হয় বৰপেটা লোকসভা সমষ্টিৰ সাংসদগৰাকী ৷ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷
তেওঁ কয় যে, 2026 চনত সমগ্ৰ দেশ ব্যাপী সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ’ব ৷ সেই সময়তে সমগ্ৰ দেশৰ লগতে অসমতো এই প্ৰক্ৰিয়া হোৱা উচিত ৷ কিন্তু এতিয়া অসমৰ সমষ্টি সমূহ কাটি-ছিঙি, কিম্ভূত-কিমাকাৰ কৰি পেলোৱা হৈছে ৷ এইটো মুঠেও ঠিক নহয় বুলি কয় কংগ্ৰেছ নেতাজনে ৷ সেয়ে আমি ইয়াক প্ৰত্যাখান কৰিছোঁ বুলি কয় তেওঁ ৷ এইয়া হিমন্ত বিশ্ব শৰ্মাৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি এই ষড়যন্ত্ৰ সফল নহ'ব বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে ৷
ইফালে বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লয় সাংসদ আব্দুল খালেক ৷ সাংসদগৰাকীয়ে চেঙা বিধানসভা সমষ্টিৰ কাকধোৱা ৰিজাৰ্ভ, গেলাবিল, গণকপাৰা, হৰিপুৰ চকপাৰা, মাদ্ৰাছা, বহৰি আদি অঞ্চলত উপস্থিত হৈ বন্যাৰ্তৰ অৱস্থাৰ বুজ লয় ৷ বানপানীৰ মাজত খোজকাঢ়ি বন্যাৰ্তৰ অৱস্থাৰ বুজ লয় সাংসদগৰাকীয়ে ৷
সমষ্টিটোৰ কেইবাটাও বান শিবিৰো পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে ৷ আনহাতে ভূটানে এৰি দিয়া পানীৰ ফলত প্ৰতিবছৰে বৰপেটা জিলাত হোৱা বানপানী সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ আব্দুল খালেকে ৷ ভূটান চৰকাৰে নিৰ্মাণ কৰি থকা নদীবান্ধসমূহ নিৰ্মাণত ভাৰত চৰকাৰে বাধা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷ বান পৰিস্থিতি পৰিদৰ্শনৰ সময়ত সাংসদগৰাকীক সংগ দিয়ে বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদ্মাৱতী দাসৰ লগতে কেইবাগৰাকীও দলীয় নেতা-কৰ্মীয়ে ৷
লগতে পঢ়ক: Raijor Dal: সাম্প্ৰদায়িক মনোভাৱৰে নিৰ্বাচনী আয়োগে প্ৰস্তুত কৰা খচৰা গ্ৰহণযোগ্য নহয়; ৰাইজৰ দল