ETV Bharat / state

চাইবাৰ অপৰাধীৰ কৱলত পৰিল বৰপেটাৰ কৃষি বিষয়া

চাইবাৰ অপৰাধৰ সন্মুখীন হ’বলগীয়া হৈছে বৰপেটা জিলাৰ কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰী ৷ বৰপেটা মেটুৱাকুছিৰ দিগন্ত কলিতা নামৰ লোকজনৰ এটিএম হেক কৰি দুৰ্বৃত্তই লুটি নিলে ৪০ হাজাৰ টকা ৷

money loot by cyber criminals of barpeta agriculture officer
চাইবাৰ অপৰাধীৰ কৱলত পৰিল বৰপেটাৰ কৃষি বিষয়া
author img

By

Published : Feb 14, 2020, 5:31 PM IST

বৰপেটা,14 ফেব্ৰুৱাৰীঃ ৰাজ্যত পিয়াপি দি ফুৰিছে চাইবাৰ অপৰাধী ৷ চাইবাৰ অপৰাধৰ কবলত পৰি কোন কেনেদৰে সৰ্বস্বান্ত হ’বলগীয়া হৈছে তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে ৷ সম্প্ৰতি চাইবাৰ অপৰাধৰ সন্মুখীন হ’বলগীয়া হৈছে বৰপেটা জিলাৰ কৃষি বিভাগৰ এগৰাকী কৰ্মচাৰী ৷ বৰপেটা মেটুৱাকুছিৰ দিগন্ত কলিতা নামৰ লোকজনৰ এটিএম হেক কৰি দুৰ্বৃত্তই লুটি নিলে ৪০ হাজাৰ টকা ৷

চাইবাৰ অপৰাধীৰ কৱলত পৰিল বৰপেটাৰ কৃষি বিষয়া

উল্লেখ্য যে, কৰ্মচাৰীজনৰ ষ্টেটবেংকৰ 20694894515 নম্বৰৰ একাউন্টটোৰ পৰা এটিএমৰ জৰিয়তে ২০ হাজাৰকৈ দুবাৰত মুঠ ৪০ হাজাৰ টকা উলিয়াই নিয়ে দুষ্ট চক্ৰই ৷ অৱশ্যে কৰ্মচাৰীজনে লগে লগে একাউন্টটো ব্লক কৰি দিয়াৰ ফলত পৰৱৰ্তী সময়ত টকা উলিয়াই নিয়াত ব্যৰ্থ হয় ৷ ইতিমধ্যে ষ্টেট বেংকৰ শাখা প্ৰৱন্ধকৰ ওচৰত এইবিষয়ে কৰ্মচাৰীগৰাকীয়ে লিখিত অভিযোগ দাখিল কৰিছে ৷ আনহাতে, ষ্টেটবেংকৰ এটিএমৰ ক্ষেত্ৰতহে কিয় বাবে বাৰে ধন উলিয়াই নিয়াৰ ঘটনা সংঘটিত হয় সেয়া সম্প্ৰতি ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক-ই টি ভি ভাৰতৰ বাতৰিয়ে হাঁহি বিৰিঙাইছে এটা পৰিয়ালৰ মুখত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.