ETV Bharat / state

মফিজে আৰু ঠেলা নচলায় ! - উপহাৰ কুপনৰ খেল

মহম্মদ মফিজ আলী,বজালীৰ হাঠীনাপুৰত ঠেলা চলাই পৰিয়াল পোহপাল দিয়া এজন লোক ৷ সাধাৰণ দৃষ্টি-ভংগীত মফিজৰ দৰে পৰিয়ালৰ বাবে ভোগ-বিলাসিতা যেন সপোনৰো অগোচৰ ৷ কিন্তু মফিজৰ এতিয়া চোতাল শুৱাইছে এখন বিলাসী বাহনে ৷ এতিয়া মফিজ এখন টাটা হেৰিয়াৰ গাড়ীৰ মালিক ৷ গাড়ীখনৰ মূল্য 16 লাখ টকা ৷

MOFIZ GOT AN TATA HARRIA ON LOTTERY AS FIRST PRIZE
মফিজে আৰু ঠেলা নচলায়
author img

By

Published : Mar 16, 2020, 10:34 AM IST

পাঠশালা, 16 মাৰ্চ : সৌ সিদিনালৈকে ঠেলা চলাই ফুৰা মফিজ মালিক হ'ল এখন বিলাসী গাড়ীৰ ৷ কপাল ফুলিল মহম্মদ মফিজ আলীৰ ৷ ভাগ্যৰ চকৰিয়ে যেন ঊৰ্ধমুখী গতি লাভ কৰিলে ৷ যাৰ ফলশ্ৰুতিত মফিজ এতিয়া বিলাসী গাড়ীৰ ৷ ঘটনাটো এনেধৰণৰ,বামাখাটা 1 নং তৰুণ সংঘৰ ভৱন নিৰ্মাণৰ সাহায্যাৰ্থে ইউনাইটেড ক্লাৱ,বামাখাটা আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু কেন্দুগুৰি বজাৰ কমিটীৰ সৌজন্যত অনুষ্ঠিত হৈছিল এখন উপহাৰ কুপনৰ খেল ৷ ঠেলা চালক মফিজে কমিটিৰ পৰা ক্ৰয় কৰিছিল 13 টা কুপন থকা এখন বহী ৷ তাৰে 5 টা টিকট তেওঁ বিক্ৰী কৰে যদিও বাকী 8 টা টিকট থাকি ৰয় মফিজৰ হাতত ৷ সেই আঠটা টিকটৰে কোনোবা এটা টিকটত সৌভাগ্যই লগ দিলে মফিজক ৷ খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে থকা টাটা হেৰিয়াৰ গাড়ীখন লাভ কৰে মফিজে ৷ মফিজে গাড়ীখন লাভ কৰা স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে পৰিয়াল তথা ওচৰ চুবুৰীয়া ৷ সকলোৱে ক'বলৈ ধৰিছে দুখৰ দিনৰ অন্ত পৰিব মফিজৰ ৷

মফিজে লাভ কৰিলে টাটাৰ বিলাসী বাহন

লগতে পঢ়ক : COVID-19ক লৈ বিশেষ সতৰ্কতা ASTC কৰ্তৃপক্ষৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.