ETV Bharat / state

9 বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱা এখন বিদ্যালয়

author img

By

Published : Sep 3, 2021, 6:41 PM IST

৯ বছৰেও সম্পূৰ্ণ নহ'ল গোমাফুলবাৰী আদৰ্শ বিদ্যালয়ৰ গৃহ ৷ স্থানীয় লোকৰ ক্ষোভ ঠিকাদাৰৰ বিৰুদ্ধে ৷ অতি শীঘ্ৰে বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে ৷

9 বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱা এখন বিদ্যালয়
9 বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱা এখন বিদ্যালয়

বৰপেটা, 3 ছেপ্তেম্বৰ: বৰপেটা জিলাৰ এখন বিশেষ বিদ্যালয় ৷ যিখন বিদ্যালয়ক লৈ এতিয়া জিলাখনত ব্যাপক চৰ্চা চলিছে ৷ বিদ্যালয়খন আছে বৰপেটাৰ গোমা ফুলবাৰী উন্নয়ন খণ্ডৰ অধীনৰ এটা অঞ্চলত ৷ চৰকাৰে বিগত নবছৰ পূৰ্ৱে আৰ্দশ বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ কাম হাতত লৈছিল ৷ কিন্তু অতি পৰিতাপৰ কথা যে, আজি পৰ্যন্ত বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সৰ্ম্পূণ হৈ নুঠিল ৷ যি কাৰ্য দেখি সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে, ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডতে একোখনকৈ আৰ্দশ বিদ্যালয় স্থাপনৰ চৰকাৰী সিদ্ধান্ত অনুসৰি বৰপেটাৰ চুতীয়াপাৰা গাঁৱৰ সমীপত 2013 চনতে গোমাফুলবাৰী আদৰ্শ বিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ কিন্তু নবছৰ পূৰ্ৱে বিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈ আজিকোপতি শেষ নহ’ল ৷ স্থানীয় ৰাইজৰ মতে, অপৰিকল্পিতভাৱে আদৰ্শ বিদ্যালয়খনৰ নিৰ্মাণৰ কাম কৰাৰ বাবে সম্পূৰ্ণ হৈ নুঠিল, যাক লৈ এতিয়া তীব্ৰ অসন্তুষ্ট স্থানীয় ৰাইজ ৷

লগতে পঢ়কঃ পুনৰ বৃহৎ নদী-বান্ধ নিৰ্মাণৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদত নামিল আছু

ইপিনে বছৰ বছৰ ধৰি বিদ্যালয় গৃহটোৰ নিৰ্মাণ কাৰ্য অসম্পূৰ্ণ হৈ ৰোৱাৰ ফলত শিক্ষাৰ প্ৰসাৰৰ বাবে আৰম্ভ কৰা আদৰ্শ বিদ্যালয়ৰ গৃহটো এতিয়া অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈহে পৰিণত হৈছে ৷ আনহাতে বিষয়টো বৰপেটা জিলা উপায়ুক্ত গৰাকীয়ে অৱগত হোৱাৰ পাচতে শীঘ্ৰেই গৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিলে যদিও ঠিকাদাৰে বৰ্তমানলৈকে আৰম্ভ কৰা নাই নিৰ্মাণৰ কাম ৷

একেদৰে বিদ্যালয় গৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠোতেই গৃহটো জহি খহি যাবলৈ লোৱাত অঞ্চলটোৰ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ৷ স্থানীয় ৰাইজৰ দাবী, শীঘ্ৰেই বিদ্যালয় গৃহটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি বিদ্যালয়ত পাঠদান প্ৰক্ৰিয়াৰ আৰম্ভ কৰক ৷

লগতে পঢ়কঃ চাপৰত ৰাইজৰ ৰোষত পৰিল বিলাসী বাহন লৈ অহা ছাগলী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.