বৰপেটা, ২৭ আগষ্টঃ "ৰাজ্যখনত শান্তিৰ পৰিৱেশ অক্ষুন্ন ৰখাৰ স্বাৰ্থত এন আৰ চি প্ৰকাশৰ পিচত শিলাদিত্য দেৱক গৃহবন্দী কৰিব লাগে ৷ এন আৰ চি প্ৰকাশৰ পিচতে উদ্ভৱ হ'ব পৰা আইন শৃংখলাজনিত পৰিস্থিতি মোকাবিলা কৰাৰ বাবে ৰাজ্যত সেনা মোতায়েন কৰা হৈছে যদিও শিলাদিত্য দেৱৰ দৰে নেতাক নাকী লগাব নোৱাৰিলে শান্তি সম্ভৱ নহ'ব ৷"-মঙলবাৰে এই বিস্ফোৰক মন্তব্য আগবঢ়ায় সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷
বিজেপি বিধায়ক শিলাদিত্য দেৱক বিপজ্জনক বুলি আখ্যা দি,কাশ্মীৰত প্ৰাক্তন মুখ্যমন্ত্ৰীসকলক গৃহবন্দী কৰাৰ দৰেই শিলাদিত্যকো গৃহবন্দী কৰাৰ দাবী সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়কগৰাকীৰ ৷ শিলাদিত্য দেৱক তীব্ৰ সমালোচনাতে ক্ষান্ত নাথাকি আনকি বিধানসভাৰ মজিয়াত শিলাদিত্যৰ সৈতে একেলগে বহি থাকিবলৈ বেয়া লাগে বুলি মন্তব্য কৰে সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে৷