ETV Bharat / state

কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী - MLA Sherman Ali back in Baghbar

বাঘবৰত উপস্থিত হৈ শ্বেৰমান আলীয়ে ক’লে, মিঞা মিউজিয়ামক লৈ কংগ্ৰেছৰ বহু বিধায়কৰ সমৰ্থন আছিল(Sherman Ali on Miya museum ) ৷ কংগ্ৰেছৰ বহু বিধায়কৰ নিজে কিবা কৰাৰ সামৰ্থও নাই আৰু আনে কিবা কৰিব বিচাৰিলে সন্মুখৰ পৰা প্ৰতিবাদ কৰাৰো সাহস নাই ৷ কংগ্ৰেছৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলক মীৰ জাফৰ ৷ সবিশেষ জানো আহক ৷

MLA Sherman Ali reacts against Congress party
কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী
author img

By

Published : Dec 16, 2021, 5:02 PM IST

বৰপেটা , ১৬ ডিচেম্বৰ: বাঘবৰত উপস্থিত বিধায়ক শ্বেৰমান আলী আহমেদ(MLA Sherman Ali back in Baghbar) ৷ দুমাহ জেলত কটাই নিজ সমষ্টিলৈ যাত্ৰা বিধায়ক শ্বেৰমান আলী আহমেদৰ ৷ বৰপেটাৰ ভেল্লাৰ পৰা দলীয় সমৰ্থক, সতীৰ্থ সকলে সমষ্টিলৈ আদৰি নিলে বিধায়ক শ্বেৰমান আলী আহমেদক ৷ হিমন্তৰ এজেন্ট বুলি কোৱা কথাক লৈ দুঃখিত বুলি প্ৰকাশ শ্বেৰমান আলী আহমেদৰ ৷

কংগ্ৰেছৰ পৰা বৰ্খাস্ত কৰা সন্দৰ্ভত বিধায়ক গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "সত্যৰ কাৰণে মই মৰিবলৈয়ো প্ৰস্তুত ৷ কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে ৷ মিঞা মিউজিয়ামক লৈ কংগ্ৰেছৰ বহু বিধায়কৰ সমৰ্থন আছিল(Sherman Ali on Miya museum ) ৷ কংগ্ৰেছৰ বহু বিধায়কৰ নিজে কিবা কৰাৰ সামৰ্থও নাই আৰু আনে কিবা কৰিব বিচাৰিলে সন্মুখৰ পৰা প্ৰতিবাদ কৰাৰো সাহস নাই আৰু সদায় পিচপিনৰ পৰা পাখি কটাৰ চেষ্টা কৰে ৷''

কংগ্ৰেছত বহু অপদাৰ্থ আৰু কাপুৰুষ আছে : শ্বেৰমান আলী

ইয়াৰোপৰি, কংগ্ৰেছক মীৰ জাফৰৰ সংহতি বুলি অভিহিত কৰে আলীয়ে ৷ বিশেষকৈ, কংগ্ৰেছৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিধায়কসকলক মীৰ জাফৰ বুলি অভিহিত কৰে তেওঁ ৷ এই সকলে এজনক মাৰি আনজন নেতা হোৱাৰ চেষ্টা কৰে বুলি অভিযোগ কৰে তেওঁ ৷

বিশেষকৈ, পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ বিৰুদ্ধেও ক্ষোভ উজাৰি বিধায়কজনক কাপুৰুষ ,অপদাৰ্থ, ভৰি চেলেকা বুলি অভিহিত কৰিলে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৷ আব্দুৰ ৰচিদ মণ্ডলে সদনত কোনোদিনে কথা কৈ নোপোৱা বুলি মন্তব্য কৰি তেওঁক নিলম্বিত কৰাৰ বাবে দলৰ চিএলপিৰ সভাত অতি সৰব আছিল বুলিও মন্তব্য কৰে আলীয়ে ৷

ইপিনে, কাৰাগাৰত মই ভিআইপি সুবিধা বিচৰা নাচিলো বুলি কৈ গুৱাহাটী কাৰাগাৰত সংঘটিত অনিয়মক লৈয়ো অভিযোগ আনে শ্বেৰমানে ৷ ইয়াৰোপৰি, বিধানসভাৰ অভিযোগ সমিতিত কাৰাগাৰৰ অনিয়ম সন্দৰ্ভত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি মন্তব্য কৰে বিধায়ক শ্বেৰমান আলীয়ে ৷

লগতে পঢ়ক : শ্বেৰমান আলীৰ দল ত্যাগৰ ক্ষেত্ৰত কংগ্ৰেছৰ কোনো আপত্তি নাই : জীতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.