ETV Bharat / state

কমল কুমাৰ মেধিক গামোচা পিন্ধাব জাকিৰ হুছেইন শিকদাৰে ! - জাকিৰ হুছেইন শিকদাৰ

অসমৰ ১০ টা সমষ্টিৰ ভিতৰত সৰুক্ষেত্ৰী সমষ্টিক উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ লক্ষ্য বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ একেটা দিনতে ২৫ টা উন্নয়নমূলক কামৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন বিধায়ক জাকিৰৰ ৷

mla of sarukhetri reaction about election assam etv bharat news
সৰুক্ষেত্ৰীক উন্নত সমষ্টি হিচাপে গঢ়িম
author img

By

Published : Feb 22, 2021, 1:48 PM IST

Updated : Feb 23, 2021, 2:34 PM IST

বৰপেটা,22 ফেব্ৰুৱাৰী : ২১ ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব সৰুক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ১০ টা উন্নত সমষ্টিৰ ভিতৰত সৰুক্ষেত্ৰী সমষ্টিক অন্তৰ্ভুক্ত কৰি তোলাৰ লক্ষ্য বান্ধি লৈছে বিধায়কগৰাকীয়ে ৷ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ, ৰাষ্টা-ঘাট, দলং আদি নিৰ্মাণৰ আধাৰশিলা স্থাপনত ব্যস্ত হৈ পৰিছে বিধায়কগৰাকী ৷ বিধায়কগৰাকীয়ে এই কামৰ জৰিয়তে সমষ্টিবাসী আনন্দিত হৈ পৰা বুলি প্ৰকাশ কৰে ৷

সৰুক্ষেত্ৰী সমষ্টিক উন্নত সমষ্টি হিচাপে গঢ়ি তোলাৰ লক্ষ্য বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

অৱশ্যে বিধায়কগৰাকীয়ে এনে কাৰ্যসূচীৰ মাজতে সন্মুখীন হৈছে বিৰোধীৰ সমালোচনাৰ ৷ চৰকাৰী অনুমোদন অবিহনে বিধায়কগৰাকীয়ে স্থাপন কৰা আধাৰশিলাক একপ্ৰকাৰৰ নিৰ্বাচনী চমক বুলি সমালোচনা কৰে বিৰোধীয়ে ৷ কিন্তু বিৰোধীৰ এই অভিযোগ একেচাতে নসাৎ কৰে বিধায়কগৰাকীয়ে ৷ বিৰোধীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি বিধায়ক হুছেইনে চৰকাৰী অনুমোদন অবিহনে কোনো কামৰ আধাৰশিলা স্থাপন কৰা হোৱা নাই বুলি প্ৰকাশ কৰে যে লগতে কামবোৰ সম্পূৰ্ণ হৈ উঠিলে বিৰোধীৰ অপপ্ৰচাৰ নোহোৱা হ’ব বুলিও মন্তব্য কৰে কংগ্ৰেছী বিধায়ক জাকিৰে ৷

ইপিনে কমল কুমাৰ মেধিয়ে সৰুক্ষেত্ৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ ঘোষণাক আদৰণি জনাইছে সৰুক্ষেত্ৰীৰ বিধায়ক শিকদাৰে ৷ এসময়ত কৃষক মুক্তিৰ পৰা খেদা খাই কংগ্ৰেছত যোগদান কৰা, তাৰ পৰা পুনৰ ৰাইজৰ দললৈ ঢাপলি মেলা কমল মেধিয়ে পাটাছাৰকুছি, জালুকবাৰী নে সৰুক্ষেত্ৰীত নিৰ্বাচন খেলিব সেইটো প্ৰথমতে ঠিৰাং কৰিবলৈ আহ্বান জনায় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ অৱশ্যে সৰুক্ষেত্ৰীৰ ৰাইজে যদি কমল কুমাৰ মেধিক বিধায়ক হিচাপে নিৰ্বাচিত কৰে, তেন্তে গামোচা পিন্ধাই আদৰণি জনোৱাৰ কথা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷

লগতে চাওকঃ কাৰ টিকটেৰে নিৰ্বাচন খেলিবলৈ সাজু ৰুমী নাথ ?

Last Updated : Feb 23, 2021, 2:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.