বৰপেটা,৬নৱেম্বৰ: বৰপেটাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ সত্ৰনগৰী বৰপেটাৰ চৌদিশে বেদখল ৰোধ কৰা আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ চহৰখনৰ সোণকুছি কল'নীৰ লগতে আন বহুতো ঠাইত উচ্ছেদ অভিযান জিলা প্ৰশাসনৰ ৷ গুৰুমুখী থান সত্ৰৰ কাষৰ ভূমি বেদখল মুক্ত কৰাৰ বাবেও প্ৰশাসনে উচ্ছেদ অভিযানৰ আয়োজন কৰিছে ৷
বৰপেটাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ইফালে চহৰখনৰ মুছলিমপট্টিত প্ৰশাসনৰ নিৰ্দেশ মানি ব্যৱসায়ীসকলে নিজেই ভাঙি নিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ 30 বছৰে ব্য়ৱসায় চলাই অহা খিলঞ্জীয়া মুছলমান লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে ৷
বৰপেটাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান আনহাতে,প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ প্ৰতিক্ৰিয়া ৷ বিধায়ক গৰাকীয়ে কয় যে, "ভূমিহীন মানুহখিনি ইয়াত সংস্থাপিত হৈ আছে তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰিলে ভাল ৷ চৰকাৰী ভূমি খালি কৰিলে কোনো আপত্তি নাথাকে,কিন্তু ভূমিহীন মানুহক সংস্থাপিত কৰাৰ দায়ীত্ব চৰকাৰৰ ৷ মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম আপুনি মানুহৰ অকল ঘৰ নাভাঙিব ঘৰ মানুহৰ বনাবহে লাগে চৰকাৰে"৷
লগতে পঢ়ক: আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক