জনীয়া , 27 অক্টোবৰঃ দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাই অহাৰ সময়ত তথা বহু ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত ধৰ্মৰ নামত উন্মাদ বহু লোকে শাৰীৰিক আৰু মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়ত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত কিছু ধৰ্মীয় সংখ্যালঘু যুৱকে এক প্ৰশংসনীয় কাৰ্যসূচীৰ জৰিয়তে দেশবাসীলৈ প্ৰেৰণ কৰিলে এক সমন্বয়ৰ বাৰ্তা ৷ ভাৰতৰ সংস্কৃতিক ভাল পোৱা একাংশ সংখ্যালঘু যুৱকে পালন কৰিলে দীপাৱলী ৷ দীপাৱলী কেৱল হিন্দুৰ উৎসৱ নহয় এয়া সমগ্ৰ ভাৰতীয়ৰ সংস্কৃতি আৰু সকলোৱে ইয়াক পালন কৰা উচিত বুলিও মন্তব্য কৰে যুৱকসকলে ৷
লগতে পঢ়কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত অসম সন্তানৰ সাফল্য