বৰপেটা, ২০ জুন : বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে সোমবাৰে বৰপেটাত উপস্থিত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjit Kumar Das visits Barpeta)৷ জিলা উপায়ুক্তৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সাংবাদিকক জনোৱা মতে, বৰপেটা জিলাৰ ১২ লাখ ৭৭ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে বানত ৷ বন্যাৰ্তৰ বাবে বৰপেটা জিলাত ১২৭ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ এতিয়ালৈকে বৰপেটাত বানৰ ফলত ৪ জন লোকৰ মৃত্যু ঘটিছে ৷ লগতে ৮৮ হাজাৰ পশুধন বানত ক্ষতিৰ সন্মুখীন (Barpeta Flood update) ৷
ইপিনে বৰপেটা সত্ৰ বানৰ কবলত পৰা আৰু হাৰিজানৰ মথাউৰি ভঙা সম্পৰ্কে জিলা প্ৰশাসনৰ পৰা প্ৰতিবেদন বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৷ পশুধনৰ খাদ্য যোগানৰ ক্ষেত্ৰত জিলা উপায়ুক্তসকলক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা ৷ বান সাহায্যৰ ক্ষেত্ৰত সকলো লোককে বান সাহায্য প্ৰদানৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰিছে মন্ত্ৰী ৰণজিৎ দাসে (Flood in Barpeta district)৷
ইপিনে জিলা প্ৰশাসনৰ হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সোমবাৰে অগপ আৰু বিজেপিৰ জিলা সভাপতিক বান ক্ষতিগ্ৰস্তসকলক উদ্ধাৰ আৰু সাহায্যৰ বাবে নাৱৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷ জনস্বাস্থ্য বিভাগৰ পানী যোগান ব্যৱস্থা সম্পৰ্কেও মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ বৰপেটা চহৰৰ বানাক্ৰান্তই শিবিৰত খাদ্য নোপোৱা সম্পৰ্কেও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ৰাইজক এই দুৰ্যোগৰ সময়ত সহযোগৰ আহ্বান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷
লগতে পঢ়ক : বৰপেটাত বানৰ ভয়ংকৰ ৰূপ : বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই