ETV Bharat / state

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত পীয়ুষ হাজৰিকাৰ ছাডেন ভিজিট - পীয়ুষ হাজৰিকা

বৰপেটাত শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ্মী সকলক সক্ৰিয় হ’বলৈ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত পীয়ুষ হাজৰিকাৰ ছাডেন ভিজিট
author img

By

Published : Jul 22, 2019, 7:12 PM IST

বৰপেটা, ২২ জুলাইঃ বৰপেটাত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ চাডেন ভিজিট ৷ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয় আৰু বৰপেটা মেডিকেল কলেজ হাস্পতালত চাডেন ভিজিট মন্ত্ৰীগৰাকীৰ ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলক দিলে কঠোৰ নিৰ্দেশনা ৷ চিকিৎসকসকলৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে এটেনডেন্স মেইনটেইন কৰাৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ বৰপেটাত শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ্মী সকলক সক্ৰিয় হ’বলৈ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ ৷ বিশেষকৈ বৰপেটা জিলাত যিহেতু অধিকসংখ্যক চৰ গাঁও আছে সেয়ে ভিতৰুৱা গাঁৱকে ধৰি চৰৰ গাঁওসমূহত স্বাস্থ্যকৰ্মীসকলে সঠিকভাৱে কৰ্তব্য কৰিছেনে নাই সেই বিষয়ে নজৰ দিবলৈ বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে ৷ যুটীয়া সঞ্চালকক সপ্তাহটোৰ অন্তত তিনিটা দিন জিলাখনৰ গ্ৰামাঞ্চল সমূহত থকা চিকিৎসকসকলৰ লগতে স্বাস্থ্যকৰ্মীসকলে কৰ্তব্যত উপস্থিত আছেনে নাই সেই বিষয়ে বুজ লোৱাৰ নিৰ্দেশ দিয়ে ৷ ইপিনে চৰকাৰী ঔষধৰ যোগান থকাৰ পিচতো আন ঔষধ কিনিবলৈ ব্যৱস্থাপত্ৰত লিখা সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে শেহতীয়াভাৱে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা হ্ৰাস পোৱা বুলি প্ৰকাশ কৰে ৷ আনহাতে বানাক্ৰান্ত আৰু শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ উপযুক্ত স্বাস্থ্য সেৱাৰ বাবে উপযুক্ত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়াৰ লগতে আনকি প্ৰয়োজনীয় লাগতিয়াল ঔষধ ক্ৰয় কৰিবলৈ প্ৰতিখন জিলালৈ 2 লাখকৈ টকা মোকলাই দিয়া বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ এই তৎপৰতাক প্ৰশংসা সৰুক্ষেত্ৰীৰ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷

Intro:বৰপেটা, ২২ জুলাইঃ বৰপেটাত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিযুস হাজৰিকাৰ চাডেন ভিজিট ৷ স্বাস্থ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয় আৰু বৰপেটা মেডিকেল কলেজ হস্পিটালত চাডেন ভিজিট মন্ত্ৰীগৰাকীৰ ৷ বৰপেটা মেডিকেল কলেজ হস্পিটালত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলক দিলে কঠোৰ নিৰ্দেশনা ৷ চিকিৎসকসকলৰ উপস্থিতি নিয়মীয়া কৰাৰ বাবে এটেনডেন্স চিৰিয়াছলী মেইনটেইন কৰাৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ Body:বৰপেটাত শিশু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ্মী সকলক সক্ৰিয় হবলৈ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ ৷ বিশেষকৈ বৰপেটা জিলাত যিহেতু অধিকসংখ্যক চৰগাও আছে সেয়ে ভিতৰুৱা গাওকে ধৰি চৰগাওসমুহত স্বাস্থ্যকৰ্মীসকলে সঠিকভাৱে কৰ্তব্য কৰিছেনে নাই সেই বিষয়ে নজৰ দিবলৈ বৰপেটাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে ৷ যুটীয়া সঞ্চালকক সপ্তাহটোৰ অন্তত তিনিটা দিন জিলাখনৰ গ্ৰামাঞ্চল সমুহত থকা চিকিৎসকসকলৰ লগতে স্বাস্থ্যকৰ্মীসকলে কৰ্তব্যত উপস্থিত আছেনে নাই সেইবিষয়ে বুজ লোৱাৰ নিৰ্দেশ দিয়ে ৷ ইপিনে চৰকাৰী ঔষধৰ যোগান থকাৰ পিচতো আন ঔষধ কিনিবলৈ ব্যৱস্থাপত্ৰত লিখা সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে শেহতীয়াভাৱে জাপানী এনকেফেলাইটিছ ৰোগীৰ সংখ্যা হ্ৰাস পোৱা বুলি প্ৰকাশ কৰে ৷ আনহাতে বানাক্ৰান্ত আৰু শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ উপযুক্ত স্বাস্থ্য সেৱাৰ বাবে উপযুক্ত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়াৰ লগতে আনকি প্ৰয়োজনীয় লাগতিয়াল ঔষধ ক্ৰয় কৰিবলৈ প্ৰতিখন জিলালৈ ২ লাখকৈ টকা মোকলাই দিয়া 'বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে মন্ত্ৰীগৰাকীৰ এই তৎপৰতাক প্ৰসংসা সৰুক্ষেত্ৰীৰ কং বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷

Conclusion:বাইটঃ পিযুস হাজৰিকা ৷
বাইটঃ জাকিৰ হুছেইন শিকদাৰ, বিধায়ক ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.