ETV Bharat / state

ওদালগুৰীত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী চন্দন ব্ৰহ্মই - Minister Chandan Brahma

বেকী নৈৰ গৰাখহনীয়াৰ এই মুহূৰ্তত কোনো স্থায়ী সমাধান নাই বুলি উল্লেখ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

Baksa
বাক্সা
author img

By

Published : Jun 30, 2020, 9:28 PM IST

বৰপেটাৰোড , 30 জুন : অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী চন্দ্ৰন ব্ৰহ্মই মঙলবাৰে বাক্সাৰ ওদালগুৰীত উপস্থিত হৈ গৰাখহনীয়াৰ কবলত পৰা অঞ্চলসমূহৰ বুজ লয় ৷ হিমালয়ৰ সুউচ্চ পাহাৰৰ পৰা বৈ অহা পানীৰ ফলত বিটিচিৰ প্ৰায় 29 খন উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অঞ্চলটোত গৰাখহনীয়া সৃষ্টি কৰিছে ৷ বেকী নৈৰ গৰাখহনীয়াৰ এই মুহূৰ্তত কোনো স্থায়ী সমাধান নাই বুলি উল্লেখ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ সেয়ে বৰ্তমান খহনীয়াগ্ৰস্ত অঞ্চলটোত বাঁহ আৰু কাঠেৰে পাৰ্কোপাইন বান্ধি সাময়িকভাৱে কিছু পৰিমাণে হলেও গৰাখহনীয়া ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে আগন্তুক খৰালি কালত অভিযন্তা আৰু বিভাগীয় কতৃপক্ষৰ সহযোগত বিজ্ঞানসন্মতভাৱে বেকী নৈৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ "Work from home" ৰ দ্বাৰা নিলাম কৰা হ'ব ৰাজ্যৰ চাহপাত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.