ETV Bharat / state

বৰপেটাত উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল - Minister Ashok Singhal

বুধবাৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল বৰপেটাত উপস্থিত হয় (Minister Ashok Singhal visits Barpeta) ৷ মন্ত্ৰীগৰাকীয়ে বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ অন্তৰ্গত পাঁচখন পৌৰসভাৰ পৌৰপতিসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত এখন পৰ্যালোচনা সভাত মিলিত হয় ৷

Minister Ashok Singhal in Barpeta
বৰপেটাত উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল
author img

By

Published : Sep 7, 2022, 7:19 PM IST

বৰপেটা, ৭ ছেপ্তেম্বৰ: বুধবাৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল বৰপেটাত উপস্থিত হয় (Minister Ashok Singhal visits Barpeta) ৷ মন্ত্ৰীগৰাকীয়ে বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ পাঁচখন পৌৰসভাৰ পৌৰপতিসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত এখন পৰ্যালোচনা সভাত মিলিত হয় ৷

বিশেষকৈ নগৰ উন্নয়নৰ বাবে আৱণ্টিত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ লগতে অন্যান্য আঁচনি সম্পৰ্কে আলোচনা কৰে ৷ চহৰবোৰ কেনেকৈ চাফ চিকুন কৰি ৰাখিব পাৰি, কিদৰে বৈজ্ঞানিক পদ্ধতিৰে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিব পাৰি আদি বিষয়ৰ ওপৰত বিস্তৃত আলোচনা কৰা বুলি উল্লেখ কৰি আগন্তুক দিনত নগৰাঞ্চলত মুখ্যমন্ত্ৰীৰ নেতৃত্বত নতুন ৰূপ দেখিলৈ পাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

বৰপেটাত উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল

আনহাতে বিগত কিছু বছৰ ধৰি বৰপেটা চহৰত পানী যোগানৰ বাবে কোনো আঁচনি নাই যদিও চহৰখনৰ বাবে অমৃত আঁচনিৰ জৰিয়তে পৰিকল্পনা কৰি চহৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে, বৰ্তমান কৰ বৃদ্ধিৰ বাবে কোনো ধৰণৰ প্ৰস্তাৱ চৰকাৰৰ হাতত নাই ৷

বিগত ৫০ বছৰ ধৰি বহু পৌৰসভা সমূহত মূল্যায়ন (assessment) হোৱা নাছিল ৷ পুৰ্বৰ এছেচমেণ্টৰ পিছত নতুনকৈ কিমান মানুহে ঘৰ সাজিছে সেইটো জনিবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে ৷

জলসিঞ্চনৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জলসিঞ্চনৰ বাবে জিলা ভিত্তিক মাষ্টাৰ প্লেন বনোৱাৰ বাবে আলোচনা হোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: কোনে কি অভিপ্ৰায়েৰে বেলশিৰি নৈৰ পাৰত পুতিছিল অস্ত্ৰ-শস্ত্ৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.