ETV Bharat / state

দুপালি ভেকছিন লোৱাসকলেহে খাবলৈ পাব সৰভোগৰ দৈ - দুগ্ধনগৰী খ্যাত সৰভোগ

ইতিমধ্যে ৰাজ্যবাসী ব্যস্ত হৈ পৰিছে অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুক আদৰাত (Preparation for Bhogali Bihu in Assam) ৷ বিহু বুলিলে মনলৈ আহে সৰভোগৰ এঠা দৈৰ কথা ৷ টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট প্ৰকল্পৰ দুগ্ধজাত সামগ্ৰীও পিছ পৰি ৰোৱা নাই ৷ ভোগালীৰ বজাৰ ভৰি পৰিছে সৰভোগ আৰু টীয়কৰ দৈৰে (Milk products from Sarbhog and Teok in Uruka market) ৷ পিছে দুপালি ভেকছিন লোৱাসকলেহে খাবলৈ পাব সৰভোগৰ দৈ ৷

milk-products-from-sarbhog-and-teok-in-uruka-market
দুপালি ভেকছিন লোৱাসকলেহে খাবলৈ পাব এইবাৰ সৰভোগৰ দৈ
author img

By

Published : Jan 13, 2022, 2:30 PM IST

Updated : Jan 13, 2022, 2:39 PM IST

বৰপেটাৰোড/টীয়ক : ভোগালী বুলিলেই চৌদিশে ভোগৰ সমাহাৰ, মনলৈ আহে আন বহু ভোগৰ লগতে সৰভোগৰ এঠা দৈৰ কথা ৷ কিন্তু পূৰ্বৰ দৰে এইবেলি আপুনি ভোগালী বিহুত খাবলৈ নাপাব পাৰে সৰভোগৰ দৈ । হয়, দুই পালি ভেকচিন লোৱা লোকসকলেহে সৰভোগৰ দৈৰ বিপণীসমূহৰ পৰা ক্ৰয় কৰিব পাৰিব দৈ ৷ ৰাজ্যত কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনা (SOP) ৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই এই পদক্ষেপ লৈছে সৰভোগ দৈ ব্যৱসায়ীসকলে ।

দুগ্ধ নগৰী খ্যাত সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে এইবেলিও হাজাৰ হাজাৰ লিটাৰ দৈ, বাঁহৰ চুঙাৰ দৈ, ক্ৰীম, মাখন, ঘিউ আদি বিহু উপলক্ষে প্ৰস্তুত কৰিছে ৷ ইতিমধ্যে সৰভাগৰ দৈৰে ভৰি পৰিছে অসমৰ প্ৰায়বোৰ ভোগালীৰ বজাৰ (Milk products from Sarbhog in Uruka market) ৷ যিসকল গ্ৰাহকে কৰ’ণাৰ দুই পালি ভেকচিন নোলোৱাকৈ আছে, সেইসকলে ভোগালী বিহু উপলক্ষে সৰভোগলৈ দৈ ক্ৰয় কৰিব আহিলে ব্যৱসায়ীসকলে দৈ বিক্ৰী নকৰে বুলিও স্পষ্ট কৰি দিছে ৷

দুপালি ভেকছিন লোৱাসকলেহে খাবলৈ পাব এইবাৰ সৰভোগৰ দৈ

ইপিনে, মানস অভয়াৰণ্যৰ সমীপৰ ম’হৰ বাথানসমূহৰ পৰা অহা গাখীৰৰ পৰা দুগ্ধ ব্যৱসায়ীসকলে মাটিৰ পাত্ৰৰ লগতে বাঁহৰ চুঙাৰ দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ কিয়নো ভিন্ন প্ৰান্তৰ লোকে সৰভোগৰ দৈ বিচাৰি ভিৰ কৰিছেহি বজাৰত ৷ ব্যৱসায়ীসকলে প্ৰতি কিল’ দৈত দুশ টকা, প্ৰতি কিল’ বাঁহৰ চুঙাৰ দৈত এশ আশী টকা, প্ৰতি কিল’ ক্ৰীম পাঁচশ টকা আৰু প্ৰতি কিল’ ঘিউ আঠশ টকাত বিক্ৰী কৰি থকা বুলি জানিব পৰা গৈছে ৷

বিগত দুটা বছৰে কৰ’ণা মহামাৰীৰ ফলত সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে প্ৰচুৰ লোকচানৰ সন্মুখীন হৈছিল ৷ যদিও এইবেলি পুনৰ চৰকাৰে কিছু নীতি-নিয়ম বান্ধি দিয়াত কিছু পৰিমাণে অস্বস্তিত পৰিছে দৈ বিক্ৰেতাসকলে ৷ জানিব পৰা মতে, প্ৰতিখন দৈৰ বিপণীত 10/12 টাকৈ সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে কাম কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে ৷

ইফালে উৰুকাৰ দিনাৰে পৰা ব্যস্ত হৈ পৰিছে টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট প্ৰকল্প (Goswami milk product) টোৱে ৷ বিশেষকৈ জাঁজীমুখকে ধৰি বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা গাখীৰেৰে প্ৰস্তুত কৰা হৈছে পাঁচ হাজাৰ দৈৰ টেকেলি, পোন্ধৰ কুইণ্টল ক্ৰীম আৰু অন্যান্য গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী ৷ টীয়কৰ গোস্বামী মিল্ক প্ৰডাক্ট প্ৰকল্পত প্ৰায় 950 গৰাকী গুৱালে ভোগৰ সামগ্ৰী উৎপাদনৰ কামত জড়িত হৈ আছে ৷

ইতিমধ্যে এই প্ৰকল্পটোৱে দৈ, ক্ৰীম, পেৰা, পনীৰ, বুন্দিয়া, মিঠাই আদি প্ৰস্তুত কৰি বজাৰলৈ উলিয়াই দি (Milk products from Teok in Uruka market) বিগত বৰ্ষৰ তুলনাত বজাৰখনক লৈ অধিক আশাবাদী হৈ পৰা পৰিলক্ষিত হৈছে ৷ তাৰপিছতো কিন্তু ক’ভিড সৃষ্ট পৰিৱেশে সকলোৰে মনত আশংকাৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : সৰভোগৰ মইনবৰী সত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা : উৰুকাৰ শুভেচ্ছা ৰাজ্যবাসীক

Last Updated : Jan 13, 2022, 2:39 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.