বৰপেটা, 15 আগষ্ট : দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত বৰপেটা তথা অসমবাসীলৈ আহিছে এক সুখবৰ ৷ সীমান্তত দেখুওৱা সাহসিকতাৰ বাবে দেশৰ স্বাধীনতা দিৱস উপলক্ষে কেপ্টেইন দেৱাংগভূষণ দাসলৈ সামৰিক বাহিনীৰ মুৰব্বীৰ প্ৰশংসাসূচক সম্মান আগবঢ়াইছে সামৰিক বাহিনীৰ সৰ্বোচ্চ মূৰব্বীয়ে ৷ ভাৰতীয় সেনাৰ 25 নং ৰাজপুত ৰাইফলছৰ কেপ্টেইন দেৱাংগভূষণ দাসে 2020 বৰ্ষত সীমান্তত দেখুওৱা সাহসিকতাৰ বাবে সামৰিক বাহিনীৰ সৰ্বোচ্চ মূৰব্বীৰ পৰা আগবঢ়োৱা হৈছে প্ৰশংসাসূচক সম্মান ।
![military-chiefs-commendable-honour-to-captain-devangbhushan-das](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-06to07-15aug-captain-debangbhusan-das-army-medal-photo-as10038_15082021132108_1508f_1629013868_472.jpg)
দেৱাংগভূষণ দাস হৈছে বৰপেটা চহৰৰ গান্ধীনগৰ নিবাসী তথা বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক দিলীপ দাস আৰু অৰ্থনীতি বিভাগৰ অধ্যাপিকা কৃষ্ণা দাসৰ কনিষ্ঠ সন্তান ৷ ডেৰাডুনস্থিত ভাৰতীয় সেনা একাডেমীৰ পৰা সুখ্যাতিৰে শিক্ষা সমাপ্ত কৰি ভাৰতীয় সেনা বাহিনীত যোগদান কৰিছিল এইগৰাকী দেৱাংগভূষণ দাসে ৷ দেৱাংগভূষণ দাসৰ এই সাফল্যত বৰপেটাবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে গৌৰৱবোধ অনুভৱ কৰিছে ৷
উল্লেখ্য যে, দেৱাংগভূষণ দাসৰ জ্যেষ্ঠ ভাতৃ সিদ্ধার্থ দাসেও এগৰাকী সামৰিক বিষয়া হিচাপে সেৱা আগবঢ়াই আছে ৷
লগতে পঢ়কঃ জিলা ঘোষণাৰ পিছত প্ৰথমবাৰৰ বাবে বজালীত উদযাপন স্বাধীনতা দিৱস