ETV Bharat / state

Mid Day Meal scheme : মধ্যাহ্ন ভোজনৰ নামত কি চলিছে বৰপেটাৰ এইখন বিদ্যালয়ত?

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 1:46 PM IST

বাঘবৰৰ পশ্চিম মোৱামাৰী জাহানাৰ গাওঁ মকবুল হুছেইন প্ৰাথমিক বিদ্যালয়ত ব্যাপক অনিয়ম । মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ ছাত্ৰীক পোকে ধৰা চাউল খুওৱাৰ অভিযোগ । ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে সাব্যস্ত কৰে প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ।

Mid Day Meal Corruption in Barpeta
মধ্যাহ্ন ভোজনৰ নামত কি চলিছে বৰপেটাৰ এইখন বিদ্যালয়ত

জনীয়া, 30 অক্টোবৰ: ৰাজ্যৰ এখন বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ নামত বৰবিহ দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ বাঘবৰ সমষ্টিৰ মন্দিয়া শিক্ষাখণ্ডৰ অধীনস্থ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনাটো । গেলা-পচা আৰু পোকে ধৰা চাউলেৰে মধ্যাহ্ন ভোজনৰ খাদ্য শিক্ষাৰ্থীসকলক সদায় খুৱাই অহাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ নেতৃত্বত এই কাৰ্য চলিছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱক, ছাত্ৰ-ছাত্ৰী তথা পৰিচালনা সমিতিৰ সদস্যাসকলে । বাঘবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত "পশ্চিম মোৱামাৰী জাহানাৰ গাওঁ মকবুল হুছেইন প্ৰাথমিক বিদ্যালয়"ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগৰ আঙুলি । শিক্ষকে পাঁচ দিনৰ পিছত এদিনকৈ মধ্যাহ্ন ভোজন যোগান ধৰা বুলি ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ তুলিছে ।

আনহাতে, সপ্তাহত মাত্ৰ এদিনহে শিক্ষাৰ্থীক খাবলৈ দিয়ে বুলি অভিযোগ তুলিছে একাংশ অভিভাৱকে। প্ৰত্যেক দিনাই খিচিৰী দিয়ে বুলি অভিযোগ তোলাৰ লগতে কণী নিদিয়ে বুলিও আন একাংশ অভিভাৱকে অভিযোগ তোলে । শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে অন্যান্য সদস্য-সদস্যাসকলৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ লগতে পৰিচালনা সমিতিৰ কোনো ধৰনৰ সভা সমিতি আহ্বান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিচালক সমিতিৰ উপ-সভানেত্ৰীয়ে ।

আনহাতে, 117 জনকৈ শিক্ষাৰ্থীক চালি ঘৰৰ তলত মাত্ৰ এজন শিক্ষকে পাঠদান কৰিছে বুলিও জানিব পৰা গৈছে। মাহটোত 13/14 দিনকৈ মধ্যাহ্ন ভোজন যোগান ধৰা হয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে পঁচা আৰু পোকে ধৰা চাউল শিক্ষাৰ্থীক মধ্যাহ্ন ভোজনত যোগান ধৰা হয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰধান শিক্ষকগৰাকীয়ে ।

ঘটনাৰ সঠিক তদন্তৰ দাবী জনোৱাৰ লগতে দোষীক শাস্তি বিহিবৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়ক: Veteran Congress leader Sarat Barkataki: প্ৰবীণ ৰাজনীতিবিদ-শিক্ষাবিদ শৰৎ বৰকটকীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.