ETV Bharat / state

সত্ৰনগৰী বৰপেটাৰ উন্নয়ন আৰু বিকাশৰ বাবে জিলা উপায়ুক্তৰ তৎপৰতা - সত্ৰনগৰী বৰপেটাৰ উন্নয়ন আৰু বিকাশ

বৃহস্পতিবাৰে শতিকা প্ৰাচীন চহৰ বৰপেটাৰ উন্নয়ন আৰু বিকাশৰ বাবে বৰপেটা জিলা উপায়ুক্তই এক বৈঠকত মিলিত হয় ( Meeting of Barpeta DC for development of Barpeta) ৷ লগতে চহৰখনৰ যিমান সমস্যা আছে তাৰ যিমান সম্ভৱ আগন্তুক ২০ দিনৰ ভিতৰতে সমাধানৰো নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ৷

Meeting of Barpeta DC for development of Barpeta
সত্ৰনগৰী বৰপেটাৰ উন্নয়ন আৰু বিকাশৰ বাবে জিলা উপায়ুক্তৰ তৎপৰতা
author img

By

Published : Sep 22, 2022, 8:27 PM IST

বৰপেটা, ২২ ছেপ্টেম্বৰ: শতিকা প্ৰাচীন চহৰ বৰপেটাৰ উন্নয়ন আৰু বিকাশৰ বাবে বৰপেটা জিলা উপায়ুক্তই আৰম্ভ কৰিছে ব্যাপক তৎপৰতা ৷ বৰপেটা চহৰৰ সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে বৃহস্পতিবাৰে পোন প্ৰথমবাৰৰ বাবে বৰপেটা চহৰৰ বিশিষ্ট নাগৰিকসকলৰ লগতে সামাজিক সংগঠন, পৌৰ প্ৰতিনিধি আৰু জিলা প্ৰশাসনৰ সকলোবোৰ বিভাগৰ বিষয়াৰ উপস্থিতিত জিলা উপায়ুক্তগৰাকীয়ে এখন সভাত মিলিত হয় (Meeting of Barpeta DC for development of Barpeta) ৷

সত্ৰনগৰী বৰপেটাৰ উন্নয়ন আৰু বিকাশৰ বাবে জিলা উপায়ুক্তৰ তৎপৰতা

জিলা উপায়ুক্ত কাৰ্যালয়ৰ (Barpeta DC Office) সভাকক্ষত অনুষ্ঠিত সভাখনত অংশ লৈ জিলা উপায়ুক্তগৰাকীয়ে শতিকা প্ৰাচীন বৰপেটা চহৰৰ সৌন্দৰ্যসাধন, খোৱাপানী, ট্ৰেফিক, পাৰ্কি, নলা, পথ, ষ্ট্ৰীট লাইট আৰু কৃত্ৰিম বান সমস্যাসমূহৰ সমাধানৰ বাবে বিভাগীয় বিষয়া আৰু পৌৰসভাক আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

আনহাতে কেৱল আলোচনাতে সীমাৱদ্ধ নাথাকি শীঘ্ৰে প্ৰয়োজনীয় আঁচনি গ্ৰহণৰ লগতে চহৰখনৰ যিমানখিনি সমস্যা আছে সেইখিনিৰ যিমানখিনি সম্ভৱ আগন্তুক ২০ দিনৰ ভিতৰতে সমাধানৰো নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়ক: শিক্ষাক ৰাজনীতিকৰণ কৰিব নালাগে: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.