জনিয়া, 21 ছেপ্টেম্বৰ : বৰপেটা জিলাৰ কলগাছিয়াৰ মইনবৰীত বেকী আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ চপৰা চপৰে খহিছে কৃষি ভূমি ৷ নৈ বুকুত জাহ গৈছে শ শ পৰিয়ালৰ ঘৰ-বাৰী ৷ জাহ গৈছে কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়, মাদ্ৰাছা, মন্দিৰ আৰু মছজিদ ৷ হাহাকাৰ অৱস্থা নৈপৰীয়া ৰাইজ ৷ সেয়ে গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত হাতত প্লেকাৰ্ড লৈ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
কিয়নো নৈ দুখনৰ খহনীয়াই আন শতাধিক পৰিয়ালৰ ওপৰিও মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মন্দিৰ, মছজিদ আৰু মাদ্ৰাছাৰ প্ৰতিও তীব্ৰ ভাবুকিৰ কঢ়িয়াই আনিছে ৷ যাৰ ফলত অধিক ৰাইজ আতংকিত হৈ পৰিছে । ব্ৰহ্মপুত্ৰ-বেকীৰ সংগমস্থলী ঐতিহাসিক মইবৰীত স্থায়ী গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷
ব্ৰহ্মপুত্ৰ-বেকীৰ গৰাখহনীয়াই নৈপৰীয়া লোকসকলৰ নিদ্ৰা হৰণ কৰিছে ৷ সাংসদ আব্দুল খালেক আৰু বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে খহনীয়াগ্ৰস্তই । অভিযোগ মতে খহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো উমঘামেই নাই বিভাগীয় কৰ্তৃৃপক্ষৰ ৷ খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
সেয়ে মইনবৰী এলেকাৰ খহনীয়া প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰীলৈ আবেগিক হৈ কাতৰ আহ্বান জনাইছে প্ৰতিবাদী ৰাইজে ৷ ‘‘মামা আপুনি অলপ চকু মেলি চাওক ৷ আমাৰ জন্ম ভাৰতত, আমি ভাৰতীয়, আমি স্থায়ী বাসিন্দা ৷ কিন্তু গৰাখহনীৰা বাবে আমি সকলো হেৰুৱাইছো ৷ যি খিনি আছে সেয়াও হেৰুৱাৰ উপক্ৰম হৈছে ৷ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যিখিনি আছে সেয়াও হেৰুৱাই আমি ক’ত যাম ! দয়া কৰি আপুনি উদ্ধাৰ কৰক ৷’’
লগতে পঢ়ক: Illegal timber mill Seized: অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে কলগাছিয়াত বন বিভাগৰ অভিযান