বৰপেটাৰোড, 7 অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাথৰছৰ দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত বুধবাৰে সন্ধিয়া সৰভোগত ম'মবাতি জ্বলাই মৌন সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সৰভোগৰ চকচকা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মৌন সমদলত প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ লয় ৷
![Massive Protest In Barpetaroad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9089923_aa.jpg)
চকচকা ৰাজীৱ ভৱনৰ পৰা সৰভোগ বজাৰলৈ মৌন সমদল ধৰ্ষণকাৰীক উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ পৰিৱৰ্তে ধৰ্ষণকাৰীৰ সমৰ্থনত মাত মতা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ তাৰোপৰি দেশৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক যোগী চৰকাৰৰ আৰক্ষীয়ে শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে সংবাদ মাধ্যমৰ লোককো প্ৰকৃত সত্য ঘটনা প্ৰচাৰ কৰাত বাধা প্ৰধান কৰা কাৰ্যকো তীব্ৰ নিন্দা কৰে চকচকা ব্লক কংগ্ৰেছৰ সভাপতি কল্যাণজিৎ দাসে ৷
উল্লেখ্য যে, ভুক্তভোগীৰ শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰে চকচকা ব্লক কংগ্ৰেছে ৷
লগতে পঢ়ক : আমগুৰিত মিনি ষ্টেডিয়াম নিৰ্মাণত ব্যাপক বিসংগতিৰ অভিযোগ