ETV Bharat / state

বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱ আৰু বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ দৰে ব্যক্তিক অপমানসূচক মন্তব্য় প্ৰদান কৰাৰ বাবে গ্ৰেপ্তাৰৰ দাবী সংগঠনটোৰ ৷

Massive Protest in Barpeta District Janiya
শাসকীয় দলৰ বিধায়কক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
author img

By

Published : Aug 18, 2020, 4:36 PM IST

জনীয়া, 18 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱ আৰু বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ আনকি, বিধায়ক শিলাদিত্য দেৱ আৰু কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক সাম্প্ৰদায়িক, অপদাৰ্থ আৰু মানসিকভাবে বিকৃত লোক বুলিও অভিহিত কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ।

উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে অসমৰ স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ দৰে স্বাভিমানী অসমীয়াক 'বৌদ্ধিক জেহাদী' বুলি আপত্তিজনক মন্তব্য আগবঢ়াই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল । সেই বিতৰ্কৰ দুদিন পিচতেই বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাই ৰাজহুৱাভাবে ইছলামক 'পান্স' মাৰিব লাগে বুলি অতি প্ৰৰোচনামূলক বক্তব্য প্ৰদান কৰি পুনৰ আন এক বিতৰ্কৰ সৃষ্টি কৰাৰ অভিযোগ উখাপন হৈছিল ।

শাসকীয় দলৰ বিধায়কক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

বিধায়ক শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ এনেকুৱা মন্তব্যৰ বিৰুদ্ধে বিজেপি দল আৰু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি গৰাকীয়ে মঙলবাবে বিধায়ক শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক : নলবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.