ETV Bharat / state

Erosion of Beki river : বেঁকীৰ কাল খহনীয়া; মানচিত্ৰৰ পৰা নিঃচিহ্ন হোৱাৰ পথত জনীয়া গাঁও - Jania MLA Hafiz Rafiqul Islam

জনীয়াত বেঁকী নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লৈছে । চপৰা চপৰে গৰা খহাত ঐতিহাসিক জনীয়া সত্ৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । মানচিত্ৰৰ পৰা নিঃচিহ্ন হোৱাৰ পথত জনীয়া গাঁও ।

Erosion of Beki river in Assam
জনীয়াত বেঁকী নদীৰ গৰাখহনীয়া
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 1:33 PM IST

জনীয়াত বেঁকী নদীৰ গৰাখহনীয়া

জনীয়া, ২৯ অক্টোবৰ : বৰপেটা জিলাৰ ঐতিহাসিক সত্ৰ এলেকা জনীয়াত বেঁকী নদীৰ ভয়াৱহ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । গৰাখহনীয়াৰ ফলত নদীৰ বুকুত জাঁহ গৈছে বিঘাই বিঘাই শস্য় শ্যামলা খেতি পথাৰ । বেঁকী নদীৰ খহনীয়াত তীব্ৰ ভাবুকিৰ সন্মুখীন হৈ পৰিছে ঐতিহাসিক জনীয়া সত্ৰ । লগতে গৰাখহনীয়াৰ কৱলত পৰি মানচিত্ৰৰ পৰা নিঃচিহ্ন হোৱাৰ পথত আগবাঢ়িছে জনীয়া গাঁও ।

গৰাখহনীয়াৰ কবলত পৰি তিনি ভাগৰ দুই শতাংশ নৈৰ বুকুত বিলীন হৈছে । উল্লেখযোগ্য যে জনীয়া, ডাউকমাৰী, ছনপুৰা আদি গাঁৱত বেঁকী নদীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি জনীয়াৰ কেইবাটাও পৰিয়াল নদীৰ বুকুত নিশ্চিহ্ন কৰিছে । তদুপৰি নৈৰ বুকুত জাহ গৈছে শ শ বিঘা ধান, মাকৈ, কুঁহিয়াৰ আৰু বিভিন্ন শাক-পাচলিৰ খেতি । খহনীয়াৰ কৱলত পৰি তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে জনীয়াত স্থাপিত ঐতিহাসিক জনীয়া সত্ৰ ।

গৰাখহনীয়াই নিদ্ৰাহৰণ কৰাৰ পিচতো জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গৰাখহনীয়াৰ কৱলত পৰা ভুক্তভোগী ৰাইজে । ইপিনে, যোৱা বৰ্ষত নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হৈছিল যদিও জনপ্ৰতিনিধিৰ হেমাহি আৰু অদক্ষতাৰ কাৰণে ঠিকাদাৰে কাম কৰাত চৰম গাফিলতি আৰু গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

প্ৰতিৰোধৰ কাম বন্ধ ৰখাত বেঁকী নদীৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে । সেয়ে তীব্ৰ ভাবুকিৰ সন্মুখীন হৈছে জনীয়াৰ পৰিচয়ৰ বাহক ঐতিহাসিক জনীয়া সত্ৰৰ লগতে ঈদগাহ, মন্দিৰ, মছজিদ, শিক্ষানুষ্ঠানৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান । উপায়ন্তৰ হৈ জনীয়া গাঁৱৰ ৰাইজে নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে ৰাইজৰ পৰা দান বৰঙণি আৰু ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । এইক্ষেত্ৰত স্থানীয় ৰাইজে চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে ।

লগতে পঢ়ক:Lurinjyoti Gogoi Slams BJP Govt; চৰকাৰৰ প্ৰতি সৃষ্টি হোৱা ক্ষোভৰ বাবেই আলফালৈ ধাৱমান যুৱক-যুৱতী : লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.