ETV Bharat / state

ইণ্ডিয়া জিন্দাবাদ ধ্বনিৰে মুখৰিত মাদ্ৰাছা প্ৰাংগন - ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত

ইণ্ডিয়া জিন্দাবাদ ধ্বনিৰে মুখৰিত মাদ্ৰাছা প্ৰাংগন । কলগাছিয়াৰ খৰিছালা আল জামিয়াতুল মাদ্ৰাছা প্ৰাংগনত নিজৰ দলটোৰ বিজয় কামনা কৰি অনুষ্ঠিত কৰে সমূহীয়া দোৱা পাঠ ৷

Mass prayer for Indias victory in Kalgachia ICC WC 2023
ইণ্ডিয়া জিন্দাবাদ ধ্বনিৰে মুখৰিত মাদ্ৰাছা প্ৰাংগন
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 1:55 PM IST

ইণ্ডিয়া জিন্দাবাদ ধ্বনিৰে মুখৰিত মাদ্ৰাছা প্ৰাংগন

কলগাছিয়া, 19 নৱেম্বৰ : ক্ৰিকেট জ্বৰত আক্ৰান্ত সমগ্ৰ ভাৰত ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পৰিলক্ষিত হৈছে বিশ্বকাপ ক্ৰিকেটৰ উন্মাদনা ৷ কলগাছিয়াৰ খৰিছালা আল জামিয়াতুল মাদ্ৰাছা প্ৰাংগনত ইণ্ডিয়া জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈ পৰিছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত বিশ্বকাপ ক্ৰিকেট খেলত নিজৰ দলটোৰ বিজয় কামনা কৰি দেওবাৰে মাদ্ৰাছা প্ৰাংগনত কৰা হয় সমূহীয়া দোৱা পাঠ ।

উল্লেখযোগ্য যে, দেওবাৰ অৰ্থাৎ আজি দুপৰীয়া 2 বজাত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ চূড়ান্ত মেচখন । উক্ত খেলত ভাৰতৰ জয়লাভৰ ভাবে কলগাছিয়াৰ খৰিছালা আল জামিয়াতুল মাদ্ৰাছা প্ৰাংগনত প্ৰায় এক শতাধিক মাদ্ৰাছাখনৰ শিক্ষাৰ্থীয়ে ইণ্ডিয়া জিন্দাবাদ ধ্বনিৰে দিয়াৰ লগতে দলটোৰ জয়ৰ বাবে দোৱা পাঠ কৰে ।

ভাৰতীয় দলটোৱে উন্নত প্ৰদৰ্শন অব্যাহত ৰাখিব পাৰে আৰু দেশলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে ৰাতিপুৱাত পৰা মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলে এখন কোৰান তেলুৱাত পাঠ কৰে বুলি জানিবলৈ দিয়ে মাদ্ৰাছা কৰ্তৃপক্ষই ৷ আই চি চি ক্ৰিকেট বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণৰ চূড়ান্ত খেলৰ বাবে সাজু হৈছে ভাৰতীয় দলটো । তীব্ৰ প্ৰতিদ্বন্দিতা হ’বলগীয়া এই খেলখনৰ বাবে গভীৰ উৎকণ্ঠাৰে ৰৈছে দেশখনৰ কোটি কোটি ভাৰতীয় ৷

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ'বলগীয়া এই চূড়ান্ত খেলখনৰ বাবে ঠায়ে ঠায়ে ৰাজ্য চৰকাৰৰ উদ্যোগত সমূহীয়া টিভি স্ক্ৰীণিং কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে । উল্লেখ কৰা প্ৰয়োজন যে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই খেলখন উপভোগ কৰিবলৈ ইতিমধ্যে আহমেদাবাদলৈ ৰাওনা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷

লগতে পঢ়ক: বিশ্বকাপৰ ফাইনেল, পুৱাৰে পৰা ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.