পাঠশালা, 10 ডিচেম্বৰ : পাঠশালাৰ স্থানীয় ভগৱতী ক্ষেত্ৰত বৃহস্পতিবাৰে অসম গণ পৰিষদে কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপন কৰে ৷ শ্বহীদ দিৱস কাৰ্যসূচীত অগপৰ শীৰ্ষ নেতাৰ উপস্থিতিৰ লগতে ভালে সংখ্যক লোকৰ সমাগম হয় ৷
পতকা উত্তোলন, শ্বহীদ তৰ্পন, সতীৰ্থ সোঁৱৰণ আৰু মুকলি সভাৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয় ৷ শ্বহীদ দিৱসৰ সমান্তৰালভাৱে সমষ্টিটোত আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে এক বিশাল বাইক ৰেলী বাহিৰ কৰে ৷ উল্লেখ্য যে, শ্বহীদ দিৱস কাৰ্যসূচীত উপস্থিত নাছিল অগপৰ স্থানীয় বিধায়ক প্ৰবীন্দ্ৰ ডেকা ৷
লগতে পঢ়ক : আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নিৰ্দেশনা