ETV Bharat / state

PMAY Scam in Barpeta: অগপক ভোট দিয়াৰ বাবেই চৰকাৰী ঘৰৰ পৰা বঞ্চিত বৰপেটাৰ একাংশ লোক - deprived of PMAY house

বিজেপি প্ৰাৰ্থীক ভোট নিদিয়াৰ শাস্তি । বৰপেটা পৌৰসভাৰ ১নং ৱাৰ্ডৰ বাসিন্দাক চৰকাৰী আৱাস যোজনাৰ পৰা বঞ্চিত কৰিছে বিজেপিৰ ৱাৰ্ড কমিছনাৰে (people betrayed from PMAY at Barpeta) । অগপ প্ৰাৰ্থীক ভোট দিয়াৰ বাবেই এই শাস্তিৰ অভিযোগ ভুক্তভোগীৰ । লগতে চৰকাৰী ঘৰৰ নামত ১০ হাজাৰকৈ টকা বিচৰাৰো অভিযোগ ।

অগপক ভোট দিয়াৰ বাবেই চৰকাৰী ঘৰৰ পৰা বঞ্চিত
PMAY Scam in Barpeta
author img

By

Published : Apr 27, 2023, 3:50 PM IST

Updated : Apr 27, 2023, 7:59 PM IST

অগপক ভোট দিয়াৰ বাবেই চৰকাৰী ঘৰৰ পৰা বঞ্চিত

বৰপেটা, ২৭ এপ্ৰিল : বৰপেটা চহৰৰ একাংশ দুখীয়া পৰিয়ালৰ কৰুণ কাহিনী ৷ নৰক সদৃশ পৰিৱেশত বাস কৰা বৰপেটা চহৰৰ এইসকল লোকৰ ঘৰৰ দুৰৱস্থা দেখিলে আপুনিও হৈ পৰিব হতচকিত ৷ লগতে মুখেৰে নিজে নিজে ওলাই আহিব, এনেকৈয়ো বাস কৰি থাকিব পাৰেনে মানুহে ! পিচে নিজ চকুৰে দেখা এই দৃশ্য মিছা বুলি ক'ব পাৰি জানো ?

এই পৰিবেশটো হৈছে বৰপেটা চহৰৰ ১নং ৱাৰ্ডৰ ঘোঁৰামাৰা হাটীৰ ৷ এই দুখীয়া অভাৱগ্ৰস্ত পৰিয়ালসমূহৰ দুৰ্দশা দেখিলে হতবাক হ'ব আপুনিও ৷ থাকিবলৈ নাই এটা ঘৰ, অনাময় ব্যৱস্থাৰো নাই কোনো সুবিধা (lack of sanitation facility in Barpeta) ৷ কেন্দ্ৰীয় চৰকাৰে নগৰত বাস কৰা দুখীয়া পৰিয়ালসমূহৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ প্ৰদান কৰে (Pradhan Mantri Awas Yojana Urban) ৷ পিচে বৰপেটাৰ এইসকল দুৰ্ভগীয়া পৰিয়ালৰ বাবে যেন নাই কোনো চৰকাৰ ৷ নাই পৌৰসভা ৷

দুৰ্ভাগ্যৰ কথা যে, বৰপেটা পৌৰসভাৰ ১নং ৱাৰ্ডৰ ঘোঁৰামাৰা হাটীৰ এইসকল বাসিন্দাই হেনো হাতীৰ ছবিত ভোট দিয়াৰ অপৰাধতে চৰকাৰে প্ৰদান কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে (People deprived of PMAY in Barpeta) ৷ এইসকল দুৰ্ভগীয়া লোকৰ অভিযোগ- বৰপেটা পৌৰসভাৰ ১নং ৱাৰ্ডৰ বিজেপি ৱাৰ্ড কমিছনাৰ তথা পৌৰসভাৰ উপ-সভাপতি ৰাজেন তালুকদাৰক হেনো পৌৰসভাৰ নিৰ্বাচনত ভোট নিদি অগপ প্ৰাৰ্থীক ভোট দিছিল এই লোকসকলে (ward commissioner alleged corruption in PMAY) ৷

তাৰ বাবেই বৰপেটা পৌৰসভাৰ উপ-সভাপতিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিদিয়ে এই লোকসকলক ৷ আনকি একাংশ হিতাধিকাৰীয়ে তোলা অভিযোগ অনুসৰি, ৰাজেন তালুকদাৰে হেনো প্ৰতিটো পৰিয়ালক ঘৰ দিয়াৰ নামত দাবী কৰিছে ১০ হাজাৰকৈ টকা ৷ ১০ হাজাৰ টকা দিলেহে ঘৰ পাব হেনো এইসকল হিতাধিকাৰীয়ে ৷ সমাজৰ একেবাৰে শেষৰ পৰ্যায়ত থকা দীন-দুখীয়াজনক সহায় কৰাৰ বাবে অন্ত্যোদয়াৰ কথা কোৱা বিজেপিয়ে এইসকল দৰিদ্ৰক এটা ঘৰ দিয়াৰ নামত কৰা ৰাজনীতি নিশ্চয়কৈ ধিক্কাৰজনক ৷ এতিয়া প্ৰশ্ন উঠিছে, বৰপেটা পৌৰসভাৰ এইসকল দুখীয়া পৰিয়ালে আৰু কিমান দিন এনেদৰে এটা ঘৰৰ বাবে হাহাকাৰ কৰি থাকিব লাগিব !

লগতে পঢ়ক :FIR against Rana Goswami: মহিলা বিজেপি কৰ্মীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰি বিপদত কংগ্ৰেছৰ ৰাণা গোস্বামী; ৰুজু হ’ল গোচৰ

Last Updated : Apr 27, 2023, 7:59 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.