বৰপেটাৰোড, ২৪ এপ্ৰিল : চৰ্চাত বৰপেটাৰোডকাণ্ড ৷ বৰপেটাৰোডত মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হোৱা লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী ৷ মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈ যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰা ১০ টাকৈ দুৰ্বৃত্তক আটক কৰে আৰক্ষীয়ে (Barpeta sex racket moral police incident) ৷
বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাংগাৰ চাইনবৰ্ড’ৰ সমীপৰ এখন ধাবাত দেহ ব্যৱসায় চলাই থকাৰ অভিযোগতে দেওবাৰে স্থানীয় একাংশ যুৱকে দুগৰাকী যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷ আনকি উত্তেজিত একাংশ যুৱকে মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈ আইন নিজৰ হাতত তুলি যুৱতী দুগৰাকীৰ লগতে কেইবাজনো যুৱকক উপৰ্যুপৰি প্ৰহাৰ কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ৷ বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে সোমবাৰে অভিযান চলাই বৰপেটাৰ বিভিন্ন স্থানৰ পৰা এই ঘটনাৰে জড়িত ১০ টাকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় (Police Arrest 10 Moral Police in barpeta) ৷
গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত কেইটা ক্ৰমে ছানিদুল ইছলাম (২৭), বিলাত হুছেইন (৩১), আমিৰ হুছেইন (৩৩), আলমগীৰ আলী (৩৬), আক্কাছ আলী (২৮),শ্বাকিবুল হুছেইন (২০), ছাদ্দাম হুছেইন (৩০), জাহিদুল ইছলাম (২৯), আবুল হুছেইন (৪০) আৰু আব্দুল লতিফ (৩৪) বুলি জানিব পৰা গৈছে (Police Arrest 10 Moral Police Who Beat Male and Female) ৷
উল্লেখযোগ্য যে, ধাবাত দেহ ব্যৱসায় চলাই থকাৰ অভিযোগত দেওবাৰে স্থানীয় একাংশ যুৱকে ধাবাখনত অভিযান চলাই ধাবাখন ভাঙি লণ্ডভণ্ড কৰে (Barpeta Police Arrest 10 Moral Police) ৷ দুগৰাকী যুৱতীয়ে দেহ ব্যৱসায় কৰা বুলি অভিযোগ তুলি একাংশ উত্তেজিত যুৱকে আইন নিজৰ হাতত তুলি উপৰ্যুপৰি নিৰ্মমভাৱে প্ৰহাৰ কৰি মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈছিল (10 Arrested In Barpeta Moral Policing Case) ৷
ইয়াৰ পিচতেই আইন হাতত তুলি লোৱা লোকৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষীয়ে নিজাববীয়াকৈ এটি গোচৰ ৰুজু কৰি ক্ষীপ্ৰতাৰে ১০ টা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে ৷ লগতে আন কেইবাটাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ৷ এই নিকৃষ্ট কাণ্ডৰে জড়িত কেইবাটাও সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি বুলিও জানিব পৰা গৈছে (Prostitution in Barpeta) ৷
লগতে পঢ়ক: Scam in forest dept: প্ৰাক্তন বনমন্ত্ৰীৰ দিনত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবী আৰ টি আই কৰ্মীৰ