ETV Bharat / state

বিগত 25 বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি অহা লোকজন...

পিয়াৰ আলী নামৰ লোক জনে 1995 চনৰ পৰাই আৰম্ভ কৰিছিল পতাকা নিৰ্মাণৰ এই যাত্ৰা ৷ সম্প্ৰতি পিয়াৰ আলীৰ এই কৰ্মক ভূয়সী প্ৰশংসা কৰিছে বিভিন্ন ৰাইজে ৷

author img

By

Published : Aug 14, 2020, 7:23 PM IST

Kalgachia Making National Flag
কলগাছিয়াৰ পিয়াৰ আলী

জনীয়া, 14 আগষ্টঃ 1995 চনতে আৰম্ভ কৰা এক যাত্ৰা ৷ বিগত 25 টা বছৰে অব্যাহত আছে লোক জনৰ এই যাত্ৰা ৷ পেচাত দৰ্জী হিচাপে জীৱন নিৰ্বাহ কৰা পিয়াৰ আলী নামৰ লোকজনে স্বাধীনতা দিৱস আৰু গণৰাজ্যৰ দিৱসৰ বাবে 1995 চনৰ পৰাই প্ৰস্তুত কৰি আহিছে দেশৰ জাতীয় পতাকা ৷ এতিয়াও গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱস আহিলেই পতাকা প্ৰস্তুতৰ বাবে উৎফুল্লিত হৈ পৰে পিয়াৰ আলীৰ মন ৷

বিগত 25 বছৰে জাতীয় পতাকা প্ৰস্তুত কৰি অহা লোকজন

শনিবাৰে দেশৰ 74 সংখ্যক স্বাধীনতা দিৱস ৷ সেয়ে বিগত কেবাদিনৰ পৰাই লোকজন ব্যস্ত হৈ পৰিছে জাতীয় পাতাকা নিৰ্মাণত ৷ দোকানৰ সমূখত বিক্ৰীৰ বাবে ওলোমাই ৰখা এই পতাকা সমূহ তেওঁ নিজ হাতেৰেই চিলাই কৰি প্ৰস্তুত কৰি উলিয়াইছে৷ তেওঁৰ পৰাই পতাকা ক্ৰয় কৰে বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ আদি অঞ্চলৰো বিভিন্ন লোকে ৷ সম্প্ৰতি পিয়াৰ আলীৰ ব্যতিক্ৰমী কৰ্মক ভূয়সী প্ৰশংসা কৰিছে ৰাইজে ৷

লগতে পঢ়কঃ সন্মুখত স্বাধীনতা দিৱসঃকটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.